নিউজ ডেস্ক:
হোজাই জিলাৰ লংকাৰ সমীপৰ লামডিং বনাঞ্চলৰ সেউজীয়া পৰিবেশ বিনষ্ট কৰাত উঠি পৰি লাগিছে একাংশ অজ্ঞাত লোক। লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমীপৰ লামডিং বনাঞ্চলত পেলাইছে আবৰ্জনাৰ লগতে চিকিৎসালয়ত ব্যৱহৃত সা-সামগ্ৰী ।ফলত পৰিবেশ প্ৰদূষণৰ লগতে এক দূৰ্গোন্ধময় পৰিবেশৰ সৃষ্টি হৈছে উক্ত অঞ্চলতো। নিশাৰ অন্ধাৰৰ সুযোগ লৈ এনে সামগ্রী পেলাই থৈ গৈছে কোনো ব্যক্তিগত চিকিৎসালয়ে । উল্লেখ্য যে, লংকা তথা নগাঁৱৰ দিশৰ পৰা লামডিং বনাঞ্চলৰ মাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লামডিং,হাফলং নাইবা ডিফুলৈ যানবাহন অহা-যোৱা কৰে। উক্ত পথেৰে যাত্ৰী অহা-যোৱা কৰিলে প্ৰায় সময়ত দেখা যাত্ৰী সকলে লামডিং বনাঞ্চলৰ মাজত গাড়ী ৰখাই পথৰ কাষতেই ৰৈ উপভোগ কৰে লামডিং বনাঞ্চলৰ মনোৰম দৃশ্য। সেউজীয়া বনাঞ্চলখন ধ্বংসৰ গৰাহলৈ ঠেলি নিব বিচাৰিছে কিছু দুষ্কৃতিকাৰীয়ে।নাতি দূৰত অৱস্থিত বনবিভাগৰ বিট কাৰ্যালয় থকাৰ পিছতো কেনেকৈ অজ্ঞাত লোকে এনে দুকৰ্ম কৰিবলৈ সাহ পালে, সেইয়া এক আচৰিত বিষয়। সেয়েহে স্হানীয় সচেতন লোকে চৰকাৰ তথা স্হানীয় প্ৰশাসন কিম্বা বনবিভাগে বনবিভাগৰ আইন অনুসৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে ৷
- Log in to post comments
- 8 views