APDCLৰ তিনি কৰ্মচাৰীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষৰ গোচৰ

A

নিউজ ডেস্ক:

চিকিৎসাৰ নামত ভুৱা বিলেৰে লাখ লাখ টকা হৰলুকী কৰা APDCLৰ তিনি কৰ্মচাৰীৰ বিৰুদ্ধে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ এজাহাৰ ভঙাগড় থানাত।কৰ্মচাৰী তিনিওজনে পত্নীৰ চিকিৎসাৰ ভুৱা বিল জি এম চি এইচৰ State level referal boardৰ ওচৰত দাখিল কৰিছিল - এই কথা জানিব দিয়ে অধীক্ষক অভিজিৎ শৰ্মাই।চহী আৰু নথি পত্ৰৰ জালিয়াতিৰে ভুৱা বিল দাখিল কৰি চিকিৎসাৰ ব্যয় চৰকাৰৰ পৰা মোকলাই নিয়াৰ চেষ্টা কৰিছিল তিনিও গৰাকী কৰ্মচাৰীয়ে।চিকিৎসালয় কৰ্তৃপক্ষই ভুৱা বিল দাখিল কৰা কৰ্মচাৰী তিনি জনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ভঙাগড় থানাত দাখিল কৰে এজাহাৰ।শৰ্মাই জানিবলৈ দিয়া মতে এজাহাৰ দাখিল কৰা কৰ্মচাৰী কেইজন APDCL ৰ সহায়ক হিতেশ্বৰ দাস, সূৰ্য কান্ত বড়ো আৰু দেৱজিৎ কোৱঁৰ।

উল্লেখ্য যে পূৰ্বেও এনেধৰনৰ চিকিৎসাৰ নামত ভুৱা বিল দাখিলৰ অভিযোগত জিএমচিএইচ কৰ্তৃপক্ষই ৫০জনতকৈ অধিক APDCLৰ কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

Your Comments