নিউজ ডেস্ক:
"প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ ঘটনাৰ দণ্ডাধীশ বা ন্যায়াধীশ পৰ্যায়ৰ তদন্ত কৰিব লাগে।প্ৰশাসনিক তদন্তৰ ওপৰত আমাৰ বিশ্বাস নাই।প্ৰশাসনিক পৰ্যায়ৰ তদন্ত সদায় চৰকাৰৰ পক্ষত থাকে।চৰকাৰৰ বিপক্ষে এজন চৰকাৰী বিষয়াই প্ৰতিবেদন নিদিয়ে"-এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰাৰ।প্ৰশাসনিক তদন্ত স্বচ্ছ নহয়; পূৰ্বতেই বহুতো তেনে তদন্ত দেখিছোঁ বুলিও লগতে তেওঁ কয়।
প্ৰাক্তন ছাত্ৰ নেতা গৰাকীক গুলীয়াই আৰক্ষীয়ে কিদৰে তেওঁৰ ওপৰত দোষ জাপি দিব বিছাৰিছিল সেই কথা বুজিছোঁ।ডিব্ৰুগড়ৰ ছাত্ৰ নেতাক আক্ৰমণ কৰাৰ পাছত পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত AK47 ধৰাই আৰক্ষীয়ে ফটো তুলি ৰাখিছিল।এতিয়া পুলিচ যন্ত্ৰটো এনেদৰেই চলিছে অপৰাধীক ধৰাৰ পাছতেই ড্ৰাগছ, মাদক দ্ৰব্য ধৰাই ভৰিত গুলিওৱা কাম-কাজ এতিয়া চলি থকা বুলিও বৰুৱাই উদ্বিগ্নতাৰে কয়।
প্ৰশাসনিক পৰ্যায়ৰ তদন্ত কিমান স্বচ্ছ-নিকা হ’ব তাত সন্দেহ আছে।তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিম।তদন্তত সন্দেহ থাকিলে পুনৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক সকীয়নী প্ৰদান কৰি শংকৰে কয়- অসমত পুলিচৰাজ বন্ধ হ’ব লাগিব।জনতাৰ ভয়ৰ কাৰণ পুলিব হ’ব নালাগিব; মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে বন্ধুত্বসুলভ হ’ব লাগিব।ভয়-ভিতি কৰি থাকিলে জনসাধাৰনে কেতিয়াও পুলিচক সহায় নকৰিব।
ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আছুক বাৰে বাৰে টাৰ্গেট কৰি থকা বুলি উল্লেখ কৰি শংকৰে কয় ৰাইজৰ অভিভাৱকত কাম কৰি থকা আছুক কোনো মুখ্যমন্ত্ৰীয়ে পাঁচ বছৰৰ কাৰণে আহি যদি ধ্বংস কৰি দিম বুলি ভাবিছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।ৰাইজৰ পক্ষত থাকি আছু সদায় জিলিকি থাকিব।আছুক ধ্বংস কৰা সপোন সপোন হৈয়ে থাকিব।
আনহাতে, শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সুকলমে সম্পন্ন হয় গুলিবিদ্ধ ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ অস্ত্ৰোপচাৰ।ডাঃ পৰাগজ্যোতি গগৈয়ে গুলিবিদ্ধ ভৰিৰ অস্ত্ৰোপচাৰ কৰে।চৰকাৰে অস্ত্ৰোপচাৰৰ সম্পূৰ্ন ব্যয় বহন কৰিছে।এই কথা জনায় চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই।অস্ত্ৰোপচাৰ সম্পন্ন হোৱা বৰাক অহা ১০/১৫টা দিন চিকিৎসালয়তে ৰখা হ’ব বুলিও তেওঁ জানিব দিয়ে।গুলিবিদ্ধ বৰাক সম্পূৰ্ন সুস্থ হৈ উঠিবলৈ প্ৰয়োজন হ’ব প্ৰায় দুমাহ।
- Log in to post comments
- 14 views