নিউজ ডেস্ক:
ছেৱা কৰ্তৃপক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ।সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সহিতে ৫জনীয়া প্ৰতিনিধি দলে শুকুৰবাৰে বামুনিমৈদামৰ কাৰ্যালয়ত সাক্ষাৎ কৰে কর্তৃপক্ষক।আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰে বৈঠকত মিলিত হয় ছাত্ৰ সংগঠনটোৰ নেতৃত্ব।সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভিযোগ কৰ্তৃপক্ষক অৱগত কৰে।পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ন ভাবে ছেবা সাজু হৈ আছে কিন্তু কোভিড পৰিস্থিতি আহিলে কিদৰে অনুষ্ঠিত কৰিব।ছিলেবাছ কেনেদৰে নিৰ্ধাৰণ কৰিব সেই সম্পৰ্কত ছেবাৰ অধ্যক্ষ গৰাকীৰে বৈঠকত আলোচনা কৰা বুলি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়।
গুৰুত্বপূৰ্ণ কথা এই যে চলিত বৰ্ষত মুঠ ৪ লাখ ৩২ হাজাৰ ৮৮৪ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব।তাৰে ৪ লাখ ২১ হাজাৰ ৫৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ১১হাজাৰ ৩০৬গৰাকী ছাত্ৰ -ছাত্ৰী হাইমাদ্ৰাছাত অৱতীৰ্ণ হ’ব।
উল্লেখ্য যে ,ছেবাই কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ কেন্দ্ৰ বৃদ্ধি কৰিছে।৮৭৭টা কেন্দ্ৰৰ সৈতে নতুনকৈ ২৫টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিছে।৯০৩টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা-এই কথা সাক্ষাৎৰ অন্তত কয় সাধাৰণ সম্পাদক বৰুৱাই।
কোভিড বিধি পালন কৰি অনুষ্ঠিত হ’ব পৰীক্ষা।ঠিক একেদৰে পৰীক্ষাৰ সময়ত কোভিড আক্রান্ত পৰীক্ষাৰ্থী সকলক সুকীয়া কোঠাত পৰীক্ষাত বহাৰ ব্যৱস্থা কৰা হ’ব বুলিও আছু নেতৃত্বক অৱগত কৰে কৰ্তৃপক্ষই।
আনহাতে, বিগত বৰ্ষত কোভিডকালীন পৰিস্থিতিৰ বাবে ৬০ শতাংশ ছিলেবাছৰ ওপৰতহে অনুষ্ঠিত হ’ব পৰীক্ষা।ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে সাজু হৈছে।১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা।কোনো কাৰণত কোভিডৰ পুনৰ দ্ৰুত সংক্ৰমণ হলে পৰীক্ষা বাতিল কৰা পৰিস্থিতি আহিলে তাৰ বাবেও কৰ্তৃপক্ষ সাজু হৈ থকা বুলিও প্ৰতিনিধি দলটোক অৱগত কৰে।শিক্ষাৰ্থীৰ শৈক্ষিক বৰ্ষ যাতে কোনো কাৰণত ব্যাহত নহয় তাৰ বাবে ছেবা কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় আছু নেতৃত্বই।
আছুৰ সজাতি দলটোত সাধাৰণ সম্পাদকৰ উপৰিও উপ সভাপতি উৎপল শৰ্মা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা উপস্থিত থাকে।
- Log in to post comments
- 15 views