নিউজ ডেস্ক:
“ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীকে পুৰণি পেঞ্চন নীতিৰ অধীনত সকলো সুবিধা দিয়াৰ দাবীত যোৱা ৩-৪ বছৰে "সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা"ই বিভিন্ন কাৰ্যসূচী পালন কৰি আহিছে। চৰকাৰৰ পৰা পোৱা সঁহাৰি তথা আশ্বাসৰ বাবেই এই সন্থাৰ লগতে ৰাজ্যৰ অন্যান্য ৫০ৰো অধিক শিক্ষক-কৰ্মচাৰী সন্থাই চৰকাৰ আৰু ৰাইজৰ ক্ষেত্ৰত থকা দায়িত্ববোধ প্ৰকাশ কৰি আন্দোলনৰ পথ পৰিহাৰ কৰি আহিছিল। গুৰুত্বপূৰ্ণ কথা এই যে বিগত বর্ষ ২৩ ডিচেম্বৰত প্ৰতিখন জিলা সদৰত চৰকাৰী চাকৰিয়ালসকলে কৰা আন্দোলনৰ কাৰ্যসূচীৰ ক্ষেত্ৰত চৰকাৰে আশানুৰূপ সঁহাৰি প্ৰদান নকৰা বাবে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সময়ত আৰ্থিক স্বাধীনতাৰ খাতিৰত ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হোৱা বুলি "সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা"ৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে প্ৰকাশ কৰি কয়, 'অহা ১ ফেব্ৰুৱাৰী তাৰিখে ‘ক’লা দিৱস’ পালনেৰে আমি ৰাজপথলৈ নোযোৱাকৈ সমস্যা সমাধানৰ বাবে চৰকাৰক এক সুযোগ তথা সময় দিছো। এয়া এক দীৰ্ঘ সংগ্ৰামৰ আৰম্ভণি। চৰকাৰৰ উৎসাহজনক সঁহাৰি আশা কৰিম; চৰকাৰৰ সঁহাৰিত আমাৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ভৰ কৰিব'৷
উল্লেখ্য যে কৰ্মচাৰী সমাজ তথা ৰাজ্য চৰকাৰী কাৰ্যবিধিৰ পৰা এনপিএছ ব্যৱস্থা শীঘ্ৰে আঁতৰ কৰাৰ লগতে পুৰণি পেঞ্চন নীতি বাহাল কৰাৰ স্বাৰ্থত, সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহালি সংযুক্ত মৰ্চা (NOPRUF) ৰ আহ্বান অনুসৰি অহা ১ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ কৰ্মচাৰী সমাজে "ক’লা দিৱস (Black Day)" হিচাপে পালন কৰি, উক্ত দিনা ১ ঘণ্টীয়া "কৰ্মবিৰতি" পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত দিনা ৰাজ্যৰ প্ৰতিজন বিষয়া-শিক্ষক-আৰক্ষী-কৰ্মচাৰীয়ে ক’লা বেজ পৰিধান কৰাৰ উপৰি দিনৰ ১২বজাৰ পৰা ১ বজালৈ ১ ঘণ্টা নিজ নিজ কাৰ্যালয়ত কৰ্মবিৰতি পালন কৰি ৰাজ্যত ইউপিএছ ব্যৱস্থা বাহালৰ বাবে চৰকাৰক দাবী জনাব।
- Log in to post comments
- 4349 views