নিউজ ডেস্ক:
সশস্ত্ৰ বিদ্ৰোহ এৰি মূল সুঁতিলৈ উভতিল ৰাজ্যৰ দুটাকৈ উগ্ৰপন্থী সংগঠনে।তিৱা আৰ্মী লিবাৰেচন আৰু ইউনাইটেড গোৰ্খা পিপলচ অৰগেনাইজেচনে বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সম্বৰণ কৰে অস্ত্ৰ।
তিৱা জনগোষ্ঠীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত ২০১৪ চনত TLA জন্ম হৈছিল।একেদৰে ২০০৯চনত জন্ম হৈছিল UGPOয়ে।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আড়ম্বনপূৰ্ণভাৱে অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত TLA ৭৭জন প্ৰাক্তন আৰু ১৬৯জন UGPO সদস্যই মূলসুঁতিলৈ উভতি আহে।উল্লেখ্য যে উগ্ৰপন্থী সংগঠন দুটাই ২৭৭টা বিভিন্ন ধৰণৰ বন্দুক আৰু গ্ৰেণেড জমা দিয়াৰ উপৰিও ৭২০ জাই সক্ৰিয় গুলী জমা দিয়ে।
ইফালে অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ২০২০চনত আত্মসমৰ্পন কৰা বহুকেইটা উগ্ৰপন্থী সংগঠনৰ ৪৬২জন প্ৰাক্তন উগ্ৰপন্থীক ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।
- Log in to post comments
- 8 views