নগাঁও ঘটনাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ: অংকিতা দত্তক চোঁচৰাই আটক আৰক্ষীৰ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলীয়াই আহত কৰা ঘটনাৰ ন্যায় বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ।বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত জিলা উপায়ুক্ত  কাৰ্যালয়লৈ প্ৰতিবাদী ৰেলি উলিয়াইছিল যুৱ কংগ্ৰেছীসকলে।কিন্তু আৰক্ষীয়ে ৰাজীৱ ভৱনৰ সন্মুখতে আৱদ্ধ কৰি ৰাখে।অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, অসম পুলিচ গৌ বেক আদি বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ দিয়াৰ বাবে প্ৰতিবাদী ৰেলি উলিয়াইছিল।কাৰ্যসূচীত যুৱ কংগ্ৰেছী ডঃ অংকিতা দত্তইয়ো অংশগ্ৰহণ কৰে।আৰক্ষীৰ বেৰিকেড উফৰাই ৰেলি আগবঢ়াই অনাৰ চেষ্টা কৰিছিল নেত্ৰী গৰাকীয়ে কিন্তু আৰক্ষীয়ে চোঁচৰাই আটক কৰে দত্তক।পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়াৰ অভিযোগ অংকিতা দত্তৰ।অসমত কোনো আইন নাইকিয়া হ’ল।উত্তৰ-প্ৰদেশত কৰা ষড়যন্ত্ৰ কৰিছে।শিক্ষিত যুৱক কীৰ্তি কমল বৰাই আৰক্ষীত ভৰ্তি হোৱাৰ সপোন দেখিছিল কিন্তু তেওঁৰ সপোন ভৰিৰে মোহাৰি পেলালে-লগতে তেওঁ কয়।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি দত্তই কয়- 'বুলেট দিম কোৱা কংস মামাই বুলেট আঁঠু তলত দিলে।গণতান্ত্ৰিক আন্দোলন কৰিব আজি নোৱাৰে।অধিকাৰ কাঢ়ি লৈছে'।

Your Comments