যান-বাহনৰ গৰাকী সাৱধান; আহি আছে পৰিবহন বিভাগৰ অপাৰেচন চাৰখাৰ

A

নিউজ ডেস্ক:

যান-বাহনৰ কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিব অপাৰেচন ছাৰখাৰ।গুৱাহাটী মহানগৰীৰ এবিচি পইণ্টত গাড়ীৰ গৰাকীসকলক সজাগ কৰাৰ বাবে কামৰূপ(ম) জিলা পৰিবহন বিভাগে আজি আয়োজন কৰে বিশেষ সজাগতামূলক অভিযান। কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ (ম) জিলা পৰিবহন বিষয়া গৌতম দাস।উল্লেখ্য যে ১ফেব্ৰুৱাৰীৰ পৰা ৩১মাৰ্চৰ ভিতৰত কৰ আদায়ৰ সময় নিৰ্ধাৰণ কৰিছে পৰিবহন বিভাগে।জিলাখনৰ বহুসংখ্যক বাহনে কৰ পৰিশোধ কৰিবলৈ থকা বুলি কয় বিষয়া দাসে।বিশেষকৈ ব্যৱসায়িক বাহন, প্ৰতিষ্ঠানৰ বাহনসমূহে দিবলৈ আছে কৰ। 

ফেব্ৰুৱাৰী মাহটো কৰ সংগ্ৰহৰ বিশেষ মাহ হিচাপে লক্ষ্য বান্ধি লোৱা বুলি উল্লেখ কৰি দাসে কয়- কৰ পৰিশোধ নকৰা বাহনৰ  বিৰুদ্ধে কঠোৰ হ’ব যদি নিৰ্দিষ্ট সময়ত কৰ আদায় নিদিয়ে।কৰ আদায় দিবলৈ থকা বাহনসমূহক ডিমাণ্ড নটিছ জাৰি কৰিছে।১০০ কোটি কৰ সংগ্ৰহৰ লক্ষ্য বিভাগৰ।

কৰ পৰিশোধ নকৰা বাহন জব্দ হোৱাৰ উপৰিও গৰাকীৰ বিৰুদ্ধে এজাহাৰ পৰ্যন্ত দাখিল হ’ব বুলি দাসে কয়।

Your Comments