ABVP গুৱাহাটী মহানগৰৰ দ্বাৰা ত্ৰিৰংগা যাত্ৰা সমাপন

A

B

নিউজ ডেস্ক:

 ৰাষ্ট্ৰীয়তাবাদী অৰাজনৈতিক ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জন্ম লগ্নৰে পৰা বিভিন্ন ৰাষ্ট্ৰীয়তাবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই বছৰ ভাৰতবৰ্ষৰ ৭৫ বছৰীয়া স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এ.বি.ভি.পি. য়ে ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। সমগ্ৰ ভাৰতবৰ্ষতে  গণৰাজ্য দিৱস উপলক্ষে এ.বি.ভি.পি য়ে এই ত্ৰিৰংগা যাত্ৰা সফল ৰূপে সূচনা কৰিছে । উল্লেখ্য যে ,এ.বি.ভি.পি. গুৱাহাটী মহানগৰ অন্তৰ্গত চাৰিটা  নগৰ শাখা- ব্ৰহ্মপুত্ৰ নগৰ, কামাখ্যা নগৰ ,বশিষ্ঠ নগৰ আৰু যোৰাবাট নগৰে গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত ত্ৰিৰংগা যাত্ৰা আয়োজন কৰে। ব্ৰহ্মপুত্ৰ নগৰৰ ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভণিৰ প্ৰাকক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ এ.বি.ভি.পি. ৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ নগৰৰ সভাপতি শ্ৰীযুত পঞ্চানন বৰ্মনে পতাকা উত্তোলন কৰে আৰু পূৰ্ব ক্ষেত্ৰৰ ক্ষেত্ৰীয় বিশ্ববিদ্যালয় কাৰ্যপ্ৰমুখ শ্ৰী বিমল শৰ্মা ও উপস্থিত থাকে। দুয়োজনা বিশিষ্ট ব্যক্তিয়ে দেশমাতৃৰ বন্দনা আৰু গণৰাজ্য দিৱস উপলক্ষে  সুন্দৰ ভাষণেৰে বিদ্যাৰ্থী সমাজক দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰায় । যোৰাবাট নগৰ শাখাত এ.বি.ভি.পি. ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী ৰাকেশ দাস উপস্থিত থাকে আৰু পতাকা উত্তোলন কৰে । ব্ৰহ্মপুত্ৰ নগৰৰ ত্ৰিৰংগা যাত্ৰা এ.বি.ভি.পি.ৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ভাঙাগড় হৈ আকৌ কাৰ্যালয়ত সমাপ্ত হয়। কামাখ্যা নগৰৰ যাত্ৰা লাচিত ঘাটৰ পৰা আৰম্ভ হৈ পুনৰ লাচিত ঘাটতে সমাপ্ত হয়। বশিষ্ঠ নগৰৰ যাত্ৰা নেৰিমচ্ ৰ পৰা আৰম্ভ হৈ বেলতলা কলেজত সমাপ্ত হয় আৰু যোৰাবাট নগৰৰ কালী মন্দিৰৰ পৰা আৰম্ভ হৈ যোৰাবাট আউটপোষ্টত সমাপ্ত হয়। চাৰিখন নগৰৰ সৰ্বমুঠ প্ৰায় ৫০০ জন ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ ক'ভিড বিধিৰ অৱলম্বন কৰি এই ত্ৰিৰংগা যাত্ৰাৰ অংশীদাৰ হয়। গুৰুত্বপূৰ্ণ কথা এই যে ,এই কাৰ্যসূচীৰ দ্বাৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমাজত দেশভক্তিৰ ভাৱ জাগ্ৰত কৰে আৰু সকলোকে ভাৰত মাতা পূজনৰ আহ্বান জনায়।

C
              

Your Comments