ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে খানাপাৰাত উত্তোলন কৰিলে গণৰাজ্য দিৱসৰ পতাকা

A

B

নিউজ ডেস্ক:

খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে ৭৩সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে।ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে উত্তোলন কৰে পতাকা।

পতাকা উত্তোলন কৰি মুখীয়ে ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায়।চৰকাৰে গ্ৰহণ কৰা কল্যানকামী আঁচনিৰ বিস্তৃত ব্যাখ্যা কৰে ৰাজ্যপালে।ভাষণৰ প্ৰসংগত কয়- অসম ক্ৰমান্বয়ে বিকাশৰ পথত আগবাঢ়িছে।

উল্লেখ্য যে ক'ৰনা পৰিস্থিতিৰ বাবে এইবাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হয়।লগতে ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানো বাতিল হয়।

গুৰুত্বপূৰ্ণ কথা এই যে ,খানাপাৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বহুকেইটা প্লাটোনে পেৰেডত অংশগ্ৰহণ কৰে ।
ৰাজ্যপালৰ উপৰিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে কাৰ্যসূচীত।

Your Comments