নলবাৰীত ৭৩ সংখ‍্যক গণৰাজ্য দিৱস উদযাপন

A

 

B
নিউজ ডেস্ক:
আজি দেশৰ ৭৩ সংখ্যক  গণৰাজ্য দিৱস।নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰীতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। গণৰাজ্য  দিৱস উপলক্ষে নলবাৰী আৰক্ষী নিৱেশৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে  পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এইদৰে আৰক্ষীৰ  অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি  মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে এইখন চৰকাৰে নলবাৰীৰ সামগ্ৰীক বিকাশৰ দিশত বহু গুৰুত্ব দিছে।এইখন চৰকাৰে নলবাৰীৰ  ক্ষীপ্ৰ উন্নয়নৰ প্ৰতি লক্ষ্য  কৰি ১৪ কোটি টকা ব্যয়ৰে আইন মহাবিদ্যালয়,৩৯৮ কৌটি টকা ব্যয়ৰে চিকিৎসা মহাবিদ্যালয়,৮'১৭ কৌটি টকা ব্যয় সাপেক্ষে বি এড কলেজ নিৰ্মাণ  কৰি থকাৰ লগতে নলবাৰীৰ  যাতায়ত  ব্যৱস্থাৰ উন্নতিৰ বাবে ইতিমধ্যেই 20 টা পথ নিৰ্মাণ কৰাৰ লগতে ১২৩ কিলোমিটাৰ পথৰ নিমাৰ্ণ কাৰ্য চলি আছে বুলিও মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।একেদৰে  এচ ও পি ডি আঁচনিৰ  অধীনত ৩৮ʼ৮৫ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য  চলি আছে বুলি মন্তব্য  কৰি ৰঞ্জিত  কুমাৰ  দাসে কয় যে নলবাৰীৰ নিৰ্মীয়মাণ উৰণীয়া সেতুৰ কাম পূৰ্ণগতিত চলি আছে।  ড° হিমন্ত  বিশ্ব  শৰ্মাৰ  নেতৃত্বাধীন  ৰাজ্য চৰকাৰ খনে নলবাৰীৰ  বাবে বহু আচনি অনুমোদন  কৰা বুলিও মন্তব্য  কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।আনহাতে পঞ্চায়ত  আৰু গ্ৰামোন্নয়ন  বিভাগৰ  অধীনত  নলবাৰীৰ  বাবে ২০২১-৩২ বৰ্ষত ৭৭১ খন আঁচনি  অনুমোদন কৰা হৈছে বুলিও কয় মন্ত্ৰী ৰঞ্জিত  কুমাৰ  দাসে।এইদৰেই আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যখনৰ লগতে নলবাৰীৰ উন্নয়ন সম্পৰ্কত তথ্য সহকাৰে ভাষণ প্ৰদান কৰে।অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

Your Comments