গণৰাজ্য দিৱস উপলক্ষে খানাপাৰাৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী

A

 

B

নিউজ ডেস্ক:

কটকটীয়া নিৰাপত্তাৰ মাজত সমগ্ৰ দেশৰ সমান্তৰালভাৱে অসমতো বুধবাৰে উদযাপন হ'ব ৭৩সংখ্যক গণৰাজ্য দিৱস।খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাৱে আয়োজন কৰিছে গণৰাজ্য দিৱস।খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।এক হাজাৰ ব্যক্তি উপস্থিত থাকিব পাৰিব খানাপাৰা কেন্দ্ৰীয় কাৰ্যসূচীত।কোভিড এছ অ’ পি মতে সম্পূৰ্ন ভেকচিন গ্ৰহণ কৰা ব্যক্তিহে খানাপাৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব পাৰিব।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুৱা পতাকা উত্তোলন কৰিব।উল্লেখ্য যে ,  ৯টা প্লাটোনে পেৰেডত অংশলোৱাৰ কথা।আনহাতে ক'ৰনা পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ নাথাকিব পেৰেডত।ঠিক একেদৰে গণৰাজ্য দিৱসৰ বঁটা প্ৰদান অনুষ্ঠানো নাথাকিব।

খানাপাৰা ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীস্থলীত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।বৃহৎ সংখ্যক আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে দিনে-নিশাই নিৰীক্ষণ কৰি আছে আয়োজন স্থলী।

Your Comments