ADGP হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতি পদক; ১৩আৰক্ষীলৈ প্ৰধানমন্ত্ৰী পদক

A

নিউজ ডেস্ক:

বুধবাৰে দেশজুৰি উদযাপন হ'ব ৭৩সংখ্যক গণৰাজ্য দিৱস।অন্য বৰ্ষসমূহৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমবাসী তথা অসম আৰক্ষীলৈ আছে ভাল খবৰ।গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰপতি পদকলৈ নিৰ্বাচিত হৈছে এগৰাকী অসমীয়া আৰক্ষী বিষয়া।অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান(এছ বি) হীৰেণ চন্দ্ৰ নাথ  ৭৩সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে।

ইয়াৰ উপৰিও গণৰাজ্য দিৱসৰ প্ৰধানমন্ত্ৰী পদকৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৩গৰাকীকৈ আৰক্ষী।প্ৰধানমন্ত্ৰী পদকৰ বাবে নিৰ্বাচিত আৰক্ষী বিষয়া-জোঁৱান সকল হৈছে ক্ৰমে- কামাণ্ডেণ্ট দেৰগাঁৱৰ হৰেন ট'কবি, পৰিদৰ্শক (এপিআৰঅ) গোৱালপাৰাৰ চমেজ উদ্দিন, এ এছ আই নুৰুল ইছলাম, এ এছ আই অচ্যুত দত্ত, হাবিলদা সুনিল মিলি, কনিষ্টবল মোজামিল হক, মহিলা কনিষ্টবল ৰঞ্জুমণি শইকীয়া, কনিষ্টবল বিপুল বৰা, কনিষ্টবল হীৰেন হাজৰিকা, কনিষ্টবল বুলন গোহাঁই, কনিষ্টবল অলক পাল, কনিষ্টবল জগত তামাং, পৰিদৰ্শক(এবি)  জয়দীপ শৰ্মা।

উল্লেখ্য যে মঙলবাৰে ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি পদক লাভ কৰা আৰক্ষীসকলৰ নাম।

গুৰুত্বপূৰ্ণ কথা এই যে , এইবাৰ দেশৰ মুঠ ৪৯গৰাকী আৰক্ষী ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে।

Your Comments