১ফেব্ৰুৱাৰীত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ ৰাজ্যজুৰি প্ৰতিবাদ

A

নিউজ ডেস্ক:

প্ৰাপ্যৰ পৰা বঞ্চিতৰ ক্ষোভত পুনৰ ৰাজপথলৈ ওলাব সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ।১ ফেব্ৰুৱাৰীত ৰাজ্যৰ প্ৰতিখন জিলাই মিছন সঞ্চালকৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিব ৪০হাজাৰ প্ৰাথমিক টেট শিক্ষকে।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে  সভাপতি ত্ৰৈলোক্য ডেকাই।

সৰ্বশিক্ষাৰ অধীনত স্থায়ী শিক্ষকসকলৰ সমানে ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে সুবিধা লাভ কৰিব বুলি ২০২০চনৰ পহিলা জুলাইত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল।কেবিনেটৰ সিদ্ধান্তক কাৰ্যকৰি কৰা বাবে ৰাজ্যপালে নিৰ্দেশনা প্ৰদান কৰিছিল।কিন্তু দুৰ্ভাগ্যজনক ভাৱে শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগে ৰাজ্যপালৰ নির্দেশক গুৰুত্ব নিদিয়াৰ অভিযোগ সমাজৰ।কেবিনেটৰ সিদ্ধান্ত মৰ্মে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ বৰ্ধিত মৰগীয়া বানাচ, বকেয়া, মেডিকেল ৰিম্বাৰ্ছমেণ্টৰ সুবিধা, বেংক লোণৰ সুবিধা লাভ কৰিব লাগিছিল যদিও বৰ্তমানলৈ লাভ নকৰা ক্ষোভত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে ।

আনহাতে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছত শিক্ষা বিভাগৰ সঁহাৰি নাপালে শিক্ষকসমাজে গুণোৎসৱ আদিকে অন্যান্য বিষয়বোৰত সহযোগ নকৰে বুলি সংবাদমেলত উল্লেখ্য কৰে সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে।

Your Comments