অসমীয়া ভাষাক শ্লো পইজনেৰে হত্যাৰ ষড়যন্ত্ৰত নামিছে ৰাজ্যৰ বিজেপি চৰকাৰ-আছু

A

নিউজ ডেস্ক:

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সম্প্ৰতি মাতৃভাষাক শ্লো পইজন দি শীতল মস্তিষ্কৰে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।অসম লোক সেৱা আয়োগত অসমীয়া ভাষা বন্ধ কৰাৰ পাছত এইবাৰ হাইব্ৰীড মডেলৰ অজুহাত দেখুৱাই মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত তিনিটা বিষয়ত ইংৰাজী ভাষাৰে পাঠদান চলাই অসমীয়া মাতৃভাষাটোক পৰ্যায়ক্ৰমে  নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ৰাজ্য চৰকাৰ।উল্লেখ্য যে নৱমৰ পৰা দ্বাদশলৈ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ত ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়।আছু সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰা, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই সোমবাৰে এক প্ৰেছ বিবৃত্তি জৰিয়তে কয় যে- বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট অসম চৰকাৰখনে অসমত অসমীয়া ভাষা নিঃশেষৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।অসমত অসমীয়া ভাষা সংকটৰ সময়ত ভাষাটোক সুৰক্ষা দি অধিক চহকী কৰাটো চৰকাৰৰ কৰণীয় আছিল।কিন্তু নতুন শিক্ষা বৰ্ষ অৰ্থাৎ ১এপ্ৰিলৰ পৰা হাইব্ৰীড শিক্ষা ব্যৱস্থা আৰম্ভ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।চৰকাৰৰ এই সিদ্ধান্ত আছুৱে কোনো কাৰণতে মানি নলয় বুলি বিবৃত্তিত উল্লেখ আছে।নৱম শ্রেণীৰ পৰা দ্বাদশশ্রেণী লৈকে তিনিটা বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত দিয়াৰ সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়।চৰকাৰক এই সিদ্ধান্ত বাতিল কৰি প্ৰয়োজনত ইংৰাজী বিষয়ত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰা দাবী জনায় আছুৱে ।

Your Comments