নগাঁৱৰ এনকাউণ্টাৰৰ গুৱাহাটীত প্ৰতিবাদ; হিমন্ত চৰকাৰে মুক্তহত্যা আৰম্ভ কৰিব বিচাৰিছে-কৃষক মুক্তি- ছাত্ৰ -মুক্তি

A

নিউজ ডেস্ক:

"প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত উচ্চ ন্যায়ালয়ত কাৰ্যৰত  এগৰাকী ন্যায়াধীশৰ দ্বাৰা হ’ব লাগে।আয়ুক্ত পৰ্যায়ৰ তদন্তই কিমান সু-ফল দিব তাৰ নিশ্চয়তা নাই" -এই  দাবী উথ্থাপন কৰে  কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে।সোমবাৰে গুৱাহাটী ৰটাৰী পইণ্টত নগাঁৱৰ ঘটনাৰ বিৰুদ্ধে সংগঠন দুটাই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।প্ৰায় অৰ্ধশতাধিক সদস্যই অংশ গ্ৰহণ কৰে প্ৰতিবাদত।

অসম আৰক্ষী হায় হায়, অসম চৰকাৰ হায় হায়, এনকাউণ্টাৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে।

অসমত এতিয়া এনে পৰিৱেশ সৃষ্টি হৈছে কেতিয়া আপোনাক গুলিয়াই দিয়ে ঠিক নাই।ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ যোৱা যুৱকক গুলিয়াই দিয়া ঘটনা গণতন্ত্ৰৰ বাবে চূড়ান্ত অপমান তথা অৱক্ষয় বুলি উল্লেখ কৰি ছাত্ৰ মুক্তিৰ সভাপতি বেদব্ৰত শইকীয়াই কয়-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰা এনকাউণ্টাৰ কোনো কাৰণতে মানিব নোৱাৰি।বিনা দোষত গুলী কৰি ভৰি হাড় ভাঙি দিয়া কীৰ্তি কমল বৰাক চৰকাৰী সংস্থাপন আৰু ২০লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।

নগাঁৱৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰাৰ সলনি এনকাউণ্টাৰ ৰাজ্যত অব্যাহত থাকিব বুলিহে সদম্ভে ঘোষণা কৰা বুলি উল্লেখ কৰি  ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সভাপতি গৰাকীয়ে লগতে কয়- মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিব বিচাৰিছে।নিৰীহক হত্যা কৰি ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা কৰিছে।

"প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত গুপ্ত হত্যা হৈছিল।হিমন্ত চৰকাৰৰ দিনত এতিয়া মুক্তহত্যা আৰম্ভ কৰিব বিচাৰিছে"- শইকীয়াই লগতে কয়।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তি নেতা আকাশ দলে, প্ৰাঞ্জল কলিতা।

Your Comments