এপিএছচি চুড়ান্ত পৰীক্ষাৰ ভাষা বাধ্যতামূলক প্ৰশ্নকাকতৰ অবিহনে অনুষ্ঠিত কৰাৰ অনুমতি উচ্চ ন্যায়ালয়ৰ

A

নিউজ ডেস্ক:

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ মূল পৰীক্ষা ভাষাৰ প্ৰশ্ন কাকতৰ অবিহনে অনুষ্ঠিত হ’ব। সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বহুকেইটা গোচৰৰ শুনানি গ্ৰহণৰ অন্তত এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে চৰকাৰে বাধ্যতামূলক  ভাষা ভিত্তিক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে একাংশ ন্যায়ালয়ৰ কাষ চাপিছিল।উচ্চ ন্যায়ালয়ে শুনানি সম্পূৰ্ণ নোহোৱা লৈকে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতেই এপিএছচিৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা।

গুৰুত্বপূৰ্ণ কথা এই যে ,ন্যায়ালয়ে চুড়ান্ত ফলাফল লেখ আৱেদনৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব কৰিব বুলি কয়। 

উল্লেখ্য যে বঙাইগাঁও কেবিনেটত এপিএছচিৰ পৰা বাধ্যতামূলক ভাষা প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত লৈছিল চৰকাৰে।সিদ্ধান্তৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছিল।

Your Comments