গুলিবিদ্ধ কীৰ্তি কমল বৰাক ২০লাখ টকাৰ ক্ষতিপূৰণৰ দাবী ৰাইজৰ দলৰ

A

নিউজ ডেস্ক:

ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰা ঘটনাক ৰাইজৰ দলৰ গৰিহণা।দেওবাৰে গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,অসমত এতিয়ালৈকে এনকাউন্টাৰত ৩১জন মানুহক হত্যা কৰা হ'ল।তাৰ ভিতৰত ১৭জন জনজাতীয় সাধাৰণ লোক বাকী ১৪জন মুছলমান সম্প্ৰদায়ৰ লোক। সৰ্বমুঠ ৮৬টা এনকাউন্টাৰ ঘটনা অসমত সংঘটিত হৈছে।কিন্তু নগাঁৱৰ ঘটনাই চৰকাৰ আৰু অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে।ন্যায় বহিৰ্ভূত হত্যা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ৰাইজৰ দলে আগৰে পৰা কৈ অহা বুলিও গগৈয়ে কয়।

চৰকাৰক তীব্ৰ সমালোচনা কৰি  কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ পুলিচতন্ত্ৰলৈ পৰিৱৰ্তন হৈছে।ৰাজ্যত হিন্দুত্ববাদী শৰ্মা চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে।বেছিভাগ এনকাউন্টাৰে ভুৱা আৰু এনকাউন্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্তক দোষী সজোৱাটো চৰকাৰৰ ধাৰণা- শিৱসাগৰ বিধায়ক গৰাকীয়ে কয়।

শৰ্মাৰ আইনৰ শাসনৰ ধাৰণাটোৱে  হৈছে অভিযুক্তক গুলিয়াই দিয়া।অসমত এতিয়া আৰক্ষীয়ে মন গ'লেই ৰাইজক গুলিয়াই দিব পাৰে।নগাঁৱৰ ঘটনাই প্ৰমাণ কৰিলে অসমৰ নাগৰিকসকল সুৰক্ষিত নহয় বুলি উল্লেখ্য কৰি বিধায়ক গৰাকীয়ে কয়-নগাওঁ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দিনতে ৰাজ্যৰ ভিতৰত সৰ্বাধিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে নগাঁৱত।তথাপিও আৰক্ষী অধীক্ষক মিশ্ৰক চৰকাৰ আৰু  সংবাদ মাধ্যমে হিৰ’ বনাবলৈ চেষ্টা কৰি আছে। এই ঘটনাই মিশ্ৰ আৰু চৰকাৰৰ মুখা খোল খোৱাইছে।  এতিয়া ৰাইজে প্ৰকৃত সত্য প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছে। 

ইফালে সকলো দল-সংগঠনক ঘটনাটোক  গৰিহণা দিয়াৰ আহ্বান জনায়।লগতে গুলিবিদ্ধ কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে সমগ্ৰ ঘটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰ  দাবী জনায় অখিল গগৈয়ে।

Your Comments