ডাবৰ পানী বতৰৰ ঔষধ

ডাবৰ পানী বতৰৰ ঔষধ

এইটো সময় বতৰ পৰিৱৰ্তনৰ সময় ৷ এই ৰ’দ, এই বৰদুণ ৷ তাপমাত্ৰা ঊৰ্ধ্বমুখী ৷ সকলো ধৰণৰ বেমাৰে আক্ৰমণ কৰে এইটো সময়ত ৷

গতিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা অতি প্ৰয়োজন ৷ খাদ্য চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বিষয় ৷

পেটৰ সমস্যাৰ পৰা নিজকে দূৰত ৰাখিবলৈ জলা-মচলা-তেলজাতীয় খাদ্যৰ পৰা দূৰত থকা ভাল ৷

এই সময়ৰ বাবে অতি উৎকৃষ্ট বিষয়টো হ’ল ডাবৰ পানী ৷

ডাবৰ পানীয়ে কেৱল পেটৰ সমস্যা নিৰাময়েই নহয়, শাৰীৰিক বহু সমস্যাৰ সমাধানৰ পথ মুকলি কৰে ৷
ডাবৰ পানীয়ে শাৰীৰৰ পানীৰ ভাৰসাম্যতা ৰক্ষা কৰে ৷

ডাবৰ পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ছডিয়াম আছে ৷ শৰীৰৰ এনে খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰে ডাবৰ পানীয়ে ৷ খাদৰ লগত ডাবৰ পানী খালে শাৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

পটাছিয়াম থকা বাবে ডায়েৰিয়াৰ সময়ত ডাবৰ পানীয়ে যথেষ্ট সহায় কৰে ৷ ছডিয়াম থকা বাবে ডাবৰ পানী খালে ক্লান্তি দূৰ হয় ৷

হজমত সহায় কৰে ৷ ডাবৰ পানীয়ে চেলাইনৰ কাম কৰে ৷ শৰীৰক ঠাণ্ডা কৰি ৰখাৰ বাবে ডাবৰ পানী অতি উপকাৰী ৷

বতৰৰ ঔষধ ডাবৰ পানী ৷

Your Comments