নিউজ ডেস্ক:
আধুনিক হৈছে ভাৰতীয় পাছপোর্ট। নতুন ৰূপত কাগজৰ সলনি তথ্য জমা হ'ব এটি মাইক্র'চিপত। পাছপোর্টৰ ভিতৰত থাকিব চিপ। সেই চিপৰ ভিতৰতে ব্যৱহাৰকাৰীৰ যাত্ৰা সংক্রান্তীয় তথ্যৰ লগতে নথিভুক্ত হৈ থাকিব গুৰুত্বপূর্ণ বায়'মেট্রিক্স তথ্যও। নতুন পাছপোর্ট পৰিসেৱাৰ নাম দিয়া হৈছে 'ই-পাছপোর্ট'। বিদেশ মন্ত্রণালয়ে জানিবলৈ দিয়া মতে অতি শীঘ্রেই দেশৰ নাগৰিকে এই ই-পাছপোর্ট পৰিসেৱা লাভ কৰিবলৈ সক্ষম হ'ব । এই ই-পাছপোর্টক নতুন প্রজন্মৰ পাছপোর্ট বুলিও অভিহিত কৰিছে বিদেশ মন্ত্রণালয়ৰ পাছপোর্ট আৰু ভিছা বিভাগৰ সচিব সঞ্জয় ভট্টাচার্যই। যোৱা বুধবাৰে তেওঁ এই সন্দৰ্ভত এটি টুইট কৰি কয় যে , ‘ভাৰতে শীঘ্রে তেওঁলোকৰ নাগৰিকসকলৰ বাবে নতুন প্রজন্মৰ ই-পাছপোর্ট পৰিসেৱা মুকলি কৰিব ।’ লগতে তেওঁ ই-পাছপোর্টৰ বৈশিষ্ট্যও সংক্ষেপে জানিবলৈ দিয়ে, সেইসমূহ কি কি আহকচোন জানি লওঁ ----
ই-পাছপোৰ্ট কি ?
ইলেকট্রনিক পাছপোর্ট বা বায়'মেট্রিক পাছপোর্ট। যি আন্তর্জাতিক অসামৰিক বিমান সংস্থা বা আইচিএও-ৰ পাছপোর্ট সংক্রান্তীয় নতুন নিয়ম আৰু আন্তর্জাতিক মান বজাই ৰখাৰ অৰ্থে তৈয়াৰী হ'ব। এই ই-পাছপোর্ট সাধাৰণ ভাৰতীয় নাগৰিকসকলৰ বাবে নতুন হলেও ভাৰতৰ বাবে নতুন নহয়। পৰীক্ষামূলক ভাবে এই ই-পাছপোর্টৰ ব্যৱহাৰ ২০১৭ চনৰ পৰা আৰম্ভ কৰিছে ভাৰতে।
ই-পাছপোর্টৰ ভিতৰৰ দ্বিতীয় পৃষ্ঠাত থাকিব এটি মাইক্র'চিপ। যাৰ ভিতৰত ব্যৱহাৰকাৰীৰ বায়'মেট্রিক্স তথ্যৰ লগতে থাকিব ডিজিটেল চিকিউৰিটী ফিচাৰ। ব্যৱহাৰকাৰীয়ে কোন দেশত গৈছে তাৰ তথ্যও সহজে নথিভুক্ত কৰি পৰা যাব ।বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰা মতে , এই ধৰণৰ পাছপোর্ট জাল কৰা অসম্ভৱ। ইয়াৰ ফলত কমিব প্রতাৰণাৰ সম্ভাৱনা।
- Log in to post comments
- 30 views