কটনৰ এম এন ডি পি হোষ্টেল আক্ৰমণত জড়িতৰ অভিযোগত ১৫গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল

A

নিউজ ডেস্ক:

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী হিংসাত ব্যথিত বৌদ্ধিক সমাজ।ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বুধবাৰে নিশা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসত একাংশ উদণ্ড কটনিয়ানে আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল।এম এন ডিপি ছাত্ৰাৱাসে বৃহস্পতিবাৰে আক্ৰমণত জড়িত থকাৰ অভিযোগত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ ১৫গৰাকীকৈ আৱাসীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।উল্লেখ্য যে , অগপ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ নেতৃত্বতে সমগ্ৰ আক্ৰমণ হোৱা অভিযোগ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তৰ।আজি এক সাংবাদমেল সম্বোধন কৰি মহন্তই কয়- ঘটনা সংঘটিত হোৱা সময়ত পৰিষদৰ সভাপতি ত্ৰিনয়ণ বৰুৱা উপস্থিত আছিল।মন্ত্ৰী অতুল বৰাই শাসকৰ পক্ষত থাকি গুণ্ডাৰাজ আৰম্ভ কৰাৰ অভিযোগ।

উল্লেখ্য যে ,আক্ৰমণ হৈ থকা সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে দৰ্শক হৈ চাই আছিল এই অভিযোগ সাধাৰণ সম্পাদক মহন্তৰ ।সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰি মহন্তই কয়-নিৰ্বাচনত জয়ী হ'ব নোৱাৰি আক্ৰমণ কৰিছে।এই বিষয়ে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কোনো ব্যৱস্থা লোৱা নাই দোষীৰ বিৰুদ্ধে।শাসক পক্ষৰ সমৰ্থিত হোৱা বাবেই ৰেহাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ।

Your Comments