নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত কটকীয়া গাঁৱৰ মা পদ্মা গেছ এজেঞ্চীৰ চৌহদত প্ৰণতি পাঠকৰ তত্বাৱধানত অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এখনি আৰ্ট স্কুলৰ শুভাৰম্ভনি কৰে বিশিষ্ট সাংবাদিক বিৰেন কলিতাই। সাংবাদিক কলিতাই নিজৰ ভাষণত কণ কণ শিশুসকলক সৰুৰে পৰা অধ্যয়নৰ লগতে কলা আৰু সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰত অভিভাৱকসকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। সমাজসেৱিকা তথা শিক্ষয়ত্ৰী লখিমী গগৈ কলিতাই আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী তথা চুবেদাৰ মেজৰ ৰাজেশ্বৰ কলিতাই।কলিতাই ভাষণত এই আৰ্ট -কালচাৰেল স্কুল খনে অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ বৈধিক বিকাশত সহায় হোৱা ৰসৰ কথা উল্লেখ কৰাৰ লগতে এই অনুষ্ঠানটি এগচি বন্তিৰ দৰে ভৱিষ্যতে উজলি থকাৰ কামনা কৰে।
সমগ্ৰ অঞ্চলটোৰ ল'ৰা ছোৱালীয়ে যাতে চিত্ৰাংকন আৰু সাংস্কৃতিক দিশত অধিক আগবাঢ়ে তাৰ বাবে স্কুলখন প্ৰতিষ্ঠা কৰা বুলি শিক্ষানুষ্ঠান খনৰ পৰিচালক সঞ্চালক শৈলেন তালুকদাৰৰে সৈতে মত ব্যক্ত কৰে। লগতে তেওঁ ইয়াকো কয় যে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীৰ ৰুচি অনুযায়ী বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে। অনুষ্ঠানটিত অঞ্চলটোৰ শতাধিক ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 7 views