কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন: বুধবাৰে ঘোষণা হ'ব ফলাফল

A

নিউজ ডেস্ক:


কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সামৰণি।শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ'ল নিৰ্বাচনৰ ভোটগ্ৰহণ।

মঙলবাৰে পুৱা ১০বজাৰ পৰা আবেলি ২বজালৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ।নিৰ্বাচনত ভোটদানৰ হাৰ ৬৮.৩শতাংশ।বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ(ছাত্ৰ-ছাত্ৰী) আছিল ৫০৩৭জন।ভোটাধিকাৰ সাব্যস্ত কৰে ৩৪৪২গৰাকীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে , ১৬টা বিভাগৰ বাবে মুঠ ৪৬ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।ইয়াৰ উপৰিও দুটা কৰ্ট মেম্বাৰ পদৰ বাবে ৪গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱৰ্তীন হৈছে।ইফালে কৰ্ট মেম্বাৰ পদত সাব্যস্ত হয় ১২১৪ভোট।মুঠ ভোটাৰ আছিল ১৮৯৬জন।

আনহাতে, বুধবাৰে পুৱা ১০বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা।প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ থকা বেলত বাকচসমূহ পানবজাৰ আৰক্ষী থানাত ৰখা হৈছে।

উল্লেখ্য যে ,দুবছৰৰ মূৰত অনুষ্ঠিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন।

Your Comments