নিউজ ডেস্ক:
মঙলবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে শুভাৰম্ভ কৰে প্ৰাথমিক শিক্ষা বিভাগৰ ১০০দিনীয়া পঠন অভিযান।গুৱাহাটীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰা হয় পঠন অভিযানৰ।প্ৰাক-প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চলিব এই পঠন অভিযান।এপ্ৰিল মাহলৈকে চলিব লগা পঠন কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে- পঠন অভিযান কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়। ভাৰতবৰ্ষৰ সকলোৰে বাবে এই পঠন অভিযান।কিতাপ পঢ়াত গুৰুত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযান।কেৱল ভাটৌ চৰাই শিক্ষা নহয়, কিতাপ পঢ়ি যাতে শব্দৰ অৰ্থ বুজি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে এই অভিযানত।
আনহাতে, নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি তেওঁ কয়।সকলো সাহিত্য সভাক পঠন অভিযানত অংশ ল'বলৈ আহ্বান কৰে মন্ত্ৰী গৰাকীয়ে।এই অভিযানৰ জৰিয়তে নিজৰ মাতৃভাষা অধ্যয়ন কৰাত গুৰুত্ব দিয়াত সাহিত্য সভা সমূহৰ ডাঙৰ সুযোগ। অভিযানৰ জৰিয়তে আৰম্ভ হ'ব কিতাপ পঢ়াৰ এক আন্দোলন- তেওঁ লগতে কয়।
আনহাতে দেশত ক'ৰনা আক্রান্তৰ পুনৰ বৃদ্ধিয়ে বিদ্যালয় বন্ধ কৰিব নেকি বুলি সোধা প্ৰশ্ন উত্তৰত কয়- ছাত্ৰ-ছাত্ৰীৰ ভেকচিন আৰম্ভ হৈছে। ক'ভিডৰ বাবে বিদ্যালয় বন্ধ হ'ব বুলি নাভাৱো।কিন্তু স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিব লাগিব।
ইপিনে টেট পৰীক্ষাত বিসংগতি হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰী পেগুৱে কয়- ২০২২চনত নিযুক্তি দিয়া হ'ব মুঠ ২২হাজাৰ শিক্ষক। ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।৩১মাৰ্চৰ ভিতৰত শেষ হ'ব এই নিযুক্তি প্ৰক্ৰিয়া।
- Log in to post comments
- 87 views