নিউজ ডেস্ক:
সমগ্ৰ ৰাজ্যত আজিৰে পৰা শিক্ষা বিভাগৰ সহযোগত স্বাস্থ্য বিভাগে শুভাৰম্ভণি কৰিলে ক'ৰনাৰ ১৫-১৮ বছৰ বয়সৰ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া।গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত গোপাল বড়ো হাইস্কুলত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভনি কৰে ভেকচিন প্ৰদানৰ কাৰ্যসূচী।
উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্ৰথমদিনা ১৫খন বিদ্যালয়ত এই ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হয়।কাৰ্যসূচী শুভাৰম্ভনি কৰি মন্ত্ৰী মহন্তই কয়- সমগ্ৰ ৰাজ্যত ৫০০খন শিক্ষানুষ্ঠানত প্ৰদান কৰা হৈছে এই ভেকচিন।এক লাখ পালি ভেকচিন প্ৰদানৰ লক্ষ্য প্ৰথম দিনটোত।
উল্লেখ যে ৯জানুৱাৰীত ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য বিভাগৰ।কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ পূর্বে ছাত্ৰ-ছাত্ৰীক দুয়োপালি ভেকচিন সম্পূৰ্ণ কৰা হ'ব-মন্ত্ৰী মহন্তই কয়।
অভিভাৱক সকলক স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা এসপ্তাহৰ ভিতৰত সন্তানক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী মহন্তই।অহা ফেব্ৰুৱাৰীত প্ৰথম-দ্বিতীয় সপ্তাহত দ্বিতীয়পালি ভেকচিন প্ৰদান কৰা হ'ব।ছাত্ৰ-ছাত্ৰীৰ হাতত ক'ভিডক পৰাস্ত কৰাৰ অস্ত্ৰ তুলি দিয়া হৈছে- মন্ত্ৰীয়ে লগতে কয়।
উল্লেখ্য যে স্বাস্থ্য বিভাগৰ তথ্য মতে প্ৰাথমিক অৱস্থাত ১৫-১৮ বছৰ বয়সৰ ২০ লাখ কিশোৰ কিশোৰীক ভেকচিন প্ৰদান কৰিব।
চৰকাৰী আৰু ব্যক্তিগত প্ৰতিখন শিক্ষানুষ্ঠানক ভেকচিন প্ৰদান কৰা প্ৰক্রিয়াত সামৰি লোৱা হ'ব।
গুৱাহাটী গোপাল বড়ো হাইস্কুল, কামৰূপ একাডেমী, টি.চি হাইস্কুল, কটন কলেজিয়েট, ডন'বস্কো স্কুল , কালিৰাম বৰুৱা স্কুল, সোণাৰাম স্কুলকে ধৰি ১৫ খনকৈ বিদ্যালয়ত আজি ভেকচিন প্ৰদান কৰা হয়।
আনহাতে বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰকে ধৰি বহুকেইখন ৰাজ্যত অস্বাভাৱিক ভাৱে ক'ভিড আক্ৰান্ত বৃদ্ধি পোৱাক লৈ মন্ত্ৰী গৰাকীয়ে কয়- অ'মিক্ৰণক লৈ স্বাস্থ্য বিভাগ সতৰ্ক হৈ আছে।ভয় খোৱাৰ প্ৰয়োজন নাই।সকলোৱে সাৱধান হওঁক।স্কুল কলেজ বন্ধ নহয়।
সমগ্ৰ ৰাজ্যত ২৬০০খনঅক্সিজেন যুক্ত বিচনা, ১০০০খন আইচিইউ বিচনা আৰু ৯০০০খন বিচনা সাজু আছে ।তদুপৰি এসপ্তাহৰ ভিতৰত প্ৰায় ২৫০০০খন বিচনা সাজু কৰিব পৰাকৈ প্ৰস্তুত স্বাস্থ্য বিভাগ-লগতে তেওঁ কয়।
ইফালে দুলীয়াজানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৫-১৮বছৰৰ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে। Covaxin প্ৰদান কৰিছে সমগ্ৰ ৰাজ্যত।
- Log in to post comments
- 21 views