জ্যেষ্ঠ সাংবাদিক বিক্ৰমজিৎ সৰকাৰৰ শেষ নিশ্বাস ত্যাগ

A



নিউজ ডেস্ক:
জ্যেষ্ঠ সাংবাদিক বিক্ৰমজিৎ সৰকাৰৰ আকস্মিক বিয়ােগ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ।উল্লেখ্য যে গোৱালপাৰা চহৰৰ ২ নম্বৰ কলনিৰ বাসিন্দা তথা ‘দৈনিক যুগশঙ্খ’ নামৰ বাংলা ভাষাৰ দৈনিক কাকতৰ সাংবাদিকগৰাকীয়ে নিজ বাসগৃহত নিশা ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে।তেওঁ গোৱালপাৰা প্ৰেছ ক্লাবৰো সক্ৰিয় সদস্য আছিল। জানিব পৰামতে, প্ৰয়াত বিক্ৰমজিৎ সৰকাৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল।বিক্ৰমজিৎ সৰকাৰৰ মৃত্যুত গোৱালপাৰা জিলা সাংবাদিক সন্থা, গোৱালপাৰা প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শােক প্ৰকাশ কৰিছে। 

Your Comments

Related Articles