নিৰ্বাচনী গৰম বতাহত উদুলি-মুদুলি কটন: ৪ জানুৱাৰীত ভোটগ্ৰহণ

A

নিউজ ডেস্ক:

শীতৰ হাড় কপোৱা ঠেৰেঙা লগা জাৰৰ মাজতো নিৰ্বাচনী বতাহত গৰম হৈছে দেৱদাৰু নগৰীৰূপে খ্যাত ঐতিহাসিক কটনৰ চৌহদ।ছাত্ৰ একতা সভা নিৰ্বাচনৰ গৰম বতাহত এতিয়া উদুলি-মুদুলি কটন বিশ্ববিদ্যালয়।গৰিমা মণ্ডিত উচ্চ শিক্ষানুষ্ঠাখনত নিৰ্বাচনী কাউন্ট-ডাউন আজিৰে পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হৈছে।অহা ৪জানুৱাৰীত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে বুধবাৰে দাখিল কৰে মনোনয়নপত্ৰ।
বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাস, সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাস, ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসে পৃথকে পৃথকে নিজ-নিজ সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিলৰ সময়ত ডবা, ঢোল, তালৰ শব্দত পানবজাৰ এক উৎসৱমুখৰ হৈ পৰে।পছন্দৰ প্ৰাৰ্থীসকলক ভোটাৰ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰাৱাস সমূহৰ পৰা দীঘলীয়া শোভাযাত্ৰা কৰি লৈ যায় মনোনয়ন দাখিললৈ।উল্লেখ্য যে ৫জানুৱাৰীত ফলাফল ঘোষণা হ'ব ছাত্ৰ একতা সভা নিৰ্বাচনৰ।এইবাৰ মুঠ ১৬টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।

গুৰুত্বপূৰ্ণ কথা এই  যে ক'ৰনাৰ বাবে যোৱা দুটা বৰ্ষ তনিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল বিশ্ববিদ্যালয়খনত।

এইবাৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহ:সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদনা পদত মুঠ তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।মুঠ ১৬টা বিভাগৰ বাবে ৪৬গৰাকীৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে অন্তিম দিনা।

আনহাতে, প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষ সময় বৃহস্পতিবাৰৰ দিনৰ ১২বজাত।

Your Comments