ক্ৰিকেটক বিদায় স্পীনাৰ হৰজন সিঙৰ

A

নিউজ ডেস্ক: 

ভাৰতীয় ক্ৰিকেটৰ তাৰকা অফ স্পীনাৰ হৰভজন সিঙৰ অৱসৰ ঘোষণা।ক্ৰিকেটৰ সকলো কেইটা ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা টুইটাৰৰ জৰিয়তে ঘোষণা কৰিলে প্ৰবীণ খেলুৱৈ গৰাকীয়ে।

সামাজিক মাধ্যমত অৱসৰৰ কথা ঘোষণা কৰি কয় "সকলো ভাল বস্তুৰ সমাপ্তি ঘটে।আজি মই মোৰ জীৱনৰ সকলোখিনি দিয়া খেল খনক বিদায় দিয়া সময়ত সকলো লৈ ধন্যবাদ জনাইছো ।যিয়ে মোৰ ২৩বছৰীয়া যাত্ৰাটো সুন্দৰ আৰু স্মৰণীয় কৰি তুলিছে"।

স্পীনৰ ত্ৰাসত প্রতিপক্ষৰ বেটিং লাইন মুহূৰ্ততে তছনচ কৰিব পৰা সিঙে ভাৰতীয় দলত অভিশেষ ঘটাইছিল ১৯৯৮চনৰ ২৫মাৰ্চত টেষ্ট ক্ৰিকেটৰ জৰিয়তে।

অৱসৰৰ সময়লৈকে ১০৩খন টেষ্টত ৪১৭টা উইকেট দখল কৰিছে।ঠিক একেদৰে ২৩৬খন এদিনীয়াত ২৬৯টা উইকেট দখলৰ বিপৰীতে ২৮খন টি-২০ত  ২৫টাকৈ উইকেট দখল কৰিছে।

ইয়াৰ উপৰিও টেষ্ট ক্ৰিকেটত দুটা শতক আৰু ৯টা অৰ্ধ শতক তেওঁ কৰিছে।

Your Comments