নৱ জাগৰণ প্ৰকাশনৰ ৭খন গল্প, কবিতা, প্ৰবন্ধ উন্মোচন

A

নিউজ ডেস্ক:

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নৱ জাগৰণ প্ৰকাশন গোষ্ঠীৰ ৭খন গ্ৰন্থ উন্মোচন।হিমানী ওজা ভূঞাৰ গল্প সংকলন 'কক্ষপথ', প্ৰফুল্ল বৰুৱাৰ  'পৃথিৱীৰ কেইগৰাকীমান চিত্ৰশিল্পী' নামৰ গ্ৰন্থদুখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ-উপন্যাসিক দেৱব্ৰত দাসে।

ইয়াৰ উপৰিও তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন কবি ধীৰাজ বড়োৰ কবিতা পুথি 'আওবাটৰ বাটৰুৱা',  ৰূপালী হাজৰিকা বৰুৱাৰ পৃথিৱীৰ দহ গৰাকী মহীয়সী নাৰীৰ জীৱনভিত্তিক গ্ৰন্থ 'দশাঙ্গনা' উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে মৰমী কাকতিৰ 'নির্জনতাত বতাহে কথা পাতে' ,সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক শিশু গ্ৰন্থ 'অকনিৰ ভূপেন মামা', নিজৰা বৰ্মন ডেকাৰ অনু গল্প সংকলন 'শূন্যতাৰ প্ৰতিচ্ছবি' উন্মোচন কৰা হয়।

গ্ৰন্থ উন্মোচনঅনুষ্ঠানটোৰ আঁত ধৰে নিমানন্দ দাসে।

Your Comments

Related Articles