কামৰূপ(ম) জিলাত স্বাগতম অনলাইন পৰ্টেল মুকলি

A

নিউজ ডেস্ক:

‘সু-শাসন’ সপ্তাহৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে কামৰূপ(ম) জিলা প্ৰশাসনে জনতাৰ সুবিধাৰ্থে মুকলি কৰে স্বাগতম নামেৰে এক অনলাইন পৰ্টেল।উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক সাক্ষাৎ কৰাৰ  বাবে জনতাই স্বাগতম পৰ্টেলৰ জৰিয়তে এপইণ্টমেণ্ট ল'ব পাৰিব।

বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত, সহকাৰী উপায়ুক্ত, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ কামৰূপ(ম) শাখা বিষয়-ববীয়া আদিৰ উপস্থিতিত উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এই অনলাইন পৰ্টেলটো জনতাৰ সেৱাৰ বাবে মুকলি কৰে।শুভাৰম্ভনি কৰি উপায়ুক্তই কয়- জনসাধাৰণৰ বহুমূলীয়া সময় যাতে নষ্ট নহয় উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক সাক্ষাৎ কৰাৰ নামত তাৰ উদ্দেশ্য আগত ৰাখি মুকলি কৰা হৈছে।

উল্লেখযোগ্য যে কোনো ব্যক্তিয়ে kamrupmetro.swagatam.gov.in পৰ্টেলটোত ৰেজিষ্ট্ৰেচন কৰি নিজৰ সুবিধা অনুসৰি উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ সাক্ষাৎ এপইণ্টমেণ্ট ল’ব পাৰিব।

Your Comments

Related Articles