নিউজ ডেস্ক:
গুজৰাট উপকূলৰ ওচৰৰ ভাৰতীয় জলসীমাত উপকূলৰক্ষী বাহিনী আৰু গুজৰাট ATS য়ে যুটীয়াভাৱে অভিযান চলাই এখন পাকিস্তানী জাহাজৰ পৰা প্ৰায় ৪০০ কোটি টকা মূল্যৰ ৭৭ কেজি হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
গুৰুত্বপূৰ্ণ কথা এই যে ,অবৈধভাৱে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰা ‘আল হুছেইনি’ নামৰ পাকিস্তানী জাহাজখনত থকা ৬ জন কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।
নিৰাপত্তা প্ৰতিষ্ঠানৰ এক সূত্ৰই সদৰী কৰা মতে, পাকিস্তানে তালিবান নিয়ন্ত্ৰিত আফগানিস্তানৰ পৰা ভাৰতলৈ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি আহিছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত উপকূলৰক্ষী বাহিনী আৰু এটিএছে একে ধৰণৰ অভিযান চলাই কচ্ছৰ জাখৌ উপকূলৰ ওচৰৰ ভাৰতীয় জলসীমাৰ পৰা ৮ জন পাকিস্তানী নাগৰিকৰ সৈতে ১৫০ কোটি টকাৰ ৩০ কিলোগ্ৰাম হেৰ'ইন কঢ়িয়াই অনা এখন জাহাজ জব্দ কৰিছিল।
- Log in to post comments
- 10 views