নলবাৰীত "নিউক্লিয়াৰ্ছ একাডেমী"ৰ শুভ উদ্বোধনী অনুষ্ঠান

A

নিউজ ডেস্ক:
 " ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বৰ্তমান আকৰ্ষণীয় সময় । সমগ্ৰ বিশ্বখন হাতৰ মুঠিতে পাব পাৰি । মাত্ৰ ছাত্ৰ-ছাত্ৰী সকলে সপোন দেখিব লাগে । এই সপোন পুৰন কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ একান্ত আগ্ৰহৰ প্ৰয়োজন । "--এই মন্তব্য অসমৰ বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ । নলবাৰী চহৰত অৱস্থিত অনন্য প্ৰগতিশীল  শিক্ষানুষ্ঠান " নিউক্লিয়াৰ্ছ একাডেমী" ৰ শুভ উদ্বোধনী আৰু নৱাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° চৌধুৰীয়ে পুনৰ  কয় সমাজত আনৰ কথা ভাবিব নোৱাৰা মানুহ আমাক নালাগে , দেশৰ কথা ভাবিব পৰা ছাত্ৰ-ছাত্ৰীহে আমাৰ প্ৰয়োজন । নিজকে ভাল কৰি  আৰু নিজেই মানুহ হিচাপে গঢ়ি লৈ সমাজৰ বাবে এদিন ছাত্ৰ-ছাত্ৰী সকল ওলাই আহিব লাগিব বুলিও তেওঁ‌ কয় । ছাত্ৰ-ছাত্ৰী সকলে নিজেই চেষ্টা নকৰিলে শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু চেষ্টা কৰিলেও সফল নহয় বুলি উল্লেখ কৰি পৰীক্ষা ভাল হলে ছাত্ৰ-ছাত্ৰী সকলৰ যাত্ৰা ভাল হয় বুলিও ড° চৌধুৰীয়ে মন্তব্য কৰে । নলবাৰী সাহিত্য-সংস্কৃতিৰ ঠাই , নলবাৰী পবিত্ৰ ঠাই বুলি উল্লেখ কৰি বিশিষ্ট শিক্ষাবিদ ড° চৌধুৰীয়ে কয় নিউক্লিয়াছ একাডেমীয়ে সমাজত নতুন পোহৰ দেখুৱাব আৰু ভাল ভাল ছাত্ৰ-ছাত্ৰীৰ জন্ম দিব । শিক্ষাৰ চাকি গছিৰ পোহৰ বিশ্বলৈ এদিন  ঢাবিত হ'ব বুলিও তেওঁ‌ আশা কৰে । বিশিষ্ট শিক্ষাব্ৰতী অবসৰী মহাবিদ্যালয়  অধ্যক্ষ  মুৰাৰী মোহন দত্তৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনত একাডেমী খনৰ সঞ্চালক তথা অধ্যক্ষ ধ্ৰুৱজ্যোতি তালুকদাৰে শিক্ষানুষ্ঠান খনৰ জন্ম আৰু সপোনৰ কথা বিৱৰি কয় । সভাত উপস্থিত থাকি বিশিষ্ট কবি পংকজ গোবিন্দ মেধিয়ে কয় ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগতে সমাজ খন এদিন বিকাশ কৰিব লাগিব।  সমাজ বিকাশ কৰিব নোৱাৰা মেধাৱী  ছাত্ৰ-ছাত্ৰীসকল এটা সময়ত স্তদ্ধ হৈ যাব বুলিও তেওঁ‌ কয় । নলবাৰী খন কবি-সাহিত্যিকৰ ঠাই বুলিও কয় । সভাত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্ৰ ডেকাই ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা আৰু সমাজৰ দায়বদ্ধতা সম্পৰ্কে  বক্তব্য প্ৰদান কৰে । বিয়লি ৩-০০ বজাত বিশেষ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট বাঁ‌হীবাদক দীপক শৰ্মাই । ৩-৩০ বজাত নিউক্লিয়াছ একাডেমী শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে । মঞ্চত গান পৰিবেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

Your Comments

Related Articles