নিউজ ডেস্ক:
কামৰূপ মহানগৰ জিলাৰ বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ সহযোগত শনিবাৰে অনুষ্ঠিত হয় বিশেষ প্ৰতিনিধি সভা।গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কামৰূপ(ম) জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি ঘুনুচা গগৈ বৰুৱাৰ সভাপতিত্বত আয়োজিত প্ৰতিনিধি সভাৰ আঁত ধৰে কামৰূপ মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক ড. দেৱাশিষ বেজবৰুৱাই।অসম সাংস্কৃতিক মহাসভাৰ সভাপতি তথা বিহু সুৰক্ষা সমিতি অসমৰ কৰ্ণধাৰ সমিতিৰ পবিত্ৰ কুমাৰ শৰ্মাই কয়- বিহুৰ লগত জড়িত সামগ্ৰী সমূহৰ উৎপাদন আৰু সেইসমূহৰ বজাৰ সৃষ্টিয়ে নতুন আশাৰ সঞ্চাৰ কৰিব।কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নবীন গগৈয়ে বিহু সুৰক্ষা সমিতিৰ উৎপাদনী বিভাগৰ গুৰুত্ব প্ৰদানৰ জৰিয়তে, থলুৱা গামোচাৰ উপযুক্ত উৎপাদন আৰু বজাৰ সৃষ্টিত বিশেষ গুৰুত্ব প্ৰদান কৰে।
কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক কল্যান কুমাৰ দাস, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক আশা চাংমায়েও বক্তব্য ৰাখে।
প্ৰতিনিধি সভাতে ৰেখা বৰগোঁহাই সভাপতি, জুনু ৰাজখোৱাক কাৰ্যকৰী সভাপতি আৰু জুমু কলিতাক সম্পাদক হিচাপে লৈ কামৰূপ মহানগৰ বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ ২১জনীয়া আনুষ্ঠানিক সমিতি গঠন কৰা হয়।
- Log in to post comments
- 16 views