নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ প্ৰাংগনত বৃহস্পতিবাৰে ৰূপায়ন কৰা হয় এখনি বাটৰ নাট ।বিশ্ববিদ্যালয়খনৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাস, এচ কে এল আৰু ডি কে আৰ ছাত্ৰী নিবাসৰ উদ্যোগত প্ৰদৰ্শন হয় বাটৰ নাটখন৷বিভিন্ন সময়ত সমাজতে হওঁক বা বিদ্যালয় -মহাবিদ্যালয় ,বিশ্ববিদ্যালয়ত সঁচা-মিছা বিচাৰ নোহোৱা কৈ বিভিন্ন বিষয়ক সামজিক মাধ্যমত ট্ৰ'ল দিয়াটো যে বেয়া মানসিকতা তাৰ সজাগতা বৃদ্ধি কৰাৰ বাবেই বাটৰ নাটখন।সামাজিক মাধ্যমত ট্ৰ'ল দিলে এগৰাকী ছাত্ৰী মানসিক ভাৱে কিদৰে ভাঙি পৰে।মানুহৰ জীৱনলৈ এইধৰণৰ ট্ৰ'লে কিদৰে ভয়ঙ্কৰ বিপদ মাতি আনিব পাৰে তাৰ সৈতে কেনেধৰণে মোকাবিলা কৰিব লাগে তাক প্ৰদৰ্শিত কৰা হয় ।
"এগৰাকী ব্যক্তিক ট্ৰ'ল দিয়াৰ আগতে চিন্তা কৰা প্ৰয়োজন নহলে অনাকাংক্ষিত বিপদে হাত বাউল দি মাতিব পাৰে।লগতে যি গৰাকী ব্যক্তিক ট্ৰ'ল দিয়ে তেওঁ যাতে ধৈৰ্য্য ধৰি নিজক সুস্থ কৰি সময়লৈ অপেক্ষা কৰিব লাগে তাক নাটকৰ যোগেদি বুজোৱাৰ চেষ্টা কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ।
- Log in to post comments
- 10 views