নিউজ ডেস্ক:
দুৰ্ঘটনাজনিত কাৰণত সমগ্ৰ ৰাজ্যৰ পৰিবহন বিভাগে দুচকীয়া বাহনত চালক-আৰোহী উভয়ৰে হেলমেট বাধ্যতামূলক কৰিছে।কামৰূপ(ম) জিলাটো পৰিবহন বিভাগৰ নিয়ম কঠোৰ ভাৱে কাৰ্যকৰী কৰিবলৈ প্ৰশাসন তৎপৰ হৈছে।প্ৰশাসনৰ তৎপৰতাৰ পাছতে জিলাখনত বৃদ্ধি পাইছে হেলমেটৰ চাহিদা।হেলমেটৰ চাহিদা বৃদ্ধি পোৱাৰ সুযোগ গ্ৰহণ কৰিছে মহানগৰীৰ একাংশ অসাধু হেলমেট ব্যৱসায়ীয়ে।যাৰ ফলত সাধাৰণ জনতাই অধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে হেলমেট। অসাধু ব্যৱসায়ীয়ে নিজৰ মুনাফা আদায়ৰ বাবে হেলমেটৰ মূল্য দুগুনলৈ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে।মহানগৰীৰ বিভিন্ন স্থানত পৃথক পৃথক মূল্যত বিক্ৰী হৈছে একেটা হেলমেট।পূৰ্বতে ৩৫০-৪০০টকা মূল্যৰ হেলমেট নিজৰ খেয়াল খুচি মতে দাম নিৰ্ধাৰণ কৰি বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে মহানগৰীৰ বজাৰত সম্প্ৰতি ৫০০টকাৰ তলত হেলমেট পাবলৈ নাই।ষ্টিল বাৰ্ড, গ্ৰাইডাৰ্ছ, এৰন, ৰিপ্লে আদি কোম্পেনীৰ ফুল হেলমেট ৯০০ টকা পৰ্যন্ত বিক্ৰী কৰিছে।একেদৰে এচিয়া, ওজ'ন , গ্ল'ব , ৰোড কিং আদি কোম্পেনীৰ হেলমেট ৬০০-৭০০ টকা।তদুপৰি মডেল অনুযায়ী ভিন্ন দৰত বিক্ৰী হৈছে প্ৰতিটো হেলমেট ।উল্লেখ্য যে পহিলা ডিচেম্বৰৰ পৰা কামৰূপ মহানগৰ জিলা প্ৰশাসনে বাইকচালক আৰোহীৰ বাবে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পাচতে হেলমেটৰ দোকানত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।
হেলমেটৰ মূল্য বৃদ্ধি সম্পৰ্কে আঠগাঁৱৰ ব্যৱসায়ীয়ে কয় যে- বজাৰত হেলমেটৰ নাটনিৰ বাবে হেলমেটৰ দাম বৃদ্ধি পাইছে। ব্ৰেণ্ডেদ কোম্পেনীৰ হেলমেটবোৰৰ দাম বৃদ্ধি হোৱা নাই যদিও বাহিৰৰ পৰা অহা হেলমেটবোৰৰ দাম বৃদ্ধি পাইছে। বজাৰত হেলমেটৰ নাটনি হোৱাৰ লগতে পৰিবহন খৰচ বৃদ্ধি হোৱাৰ বাবে প্ৰতিটো হেলমেটত ৪০-১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
তদুপৰি তেওঁ লগতে কয় যে পূৰ্বতে বাইকত উঠিলে চালক সকলেহে হেলমেট পৰিধান কৰিছিল। বিশেষকৈ মহিলা আৰোহীয়ে হেলমেট পৰিধান নকৰিছিল। কিন্তু বৰ্তমান হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পিছতে বিশেষকৈ মহিলাৰ হেলমেট বিক্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ।
উল্লেখ্য যে ,বঙাইগাও টাউন আৰু বৰপেটা ৰোডকে আদি কৰি বিভিন্ন স্থানত হেলমেটৰ মূল্য বৃদ্ধি হোৱা নাই। মহানগৰীত জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগ কঠোৰ হোৱাৰ পিছতে ইয়াৰ সুযোগ লৈ গ্ৰাহকক মাধমাৰ সোধাইছে একাংশ অসাধু ব্যৱসায়ীয়ে।
- Log in to post comments
- 8 views