নিউজ ডেস্ক:
গুৱাহাটীৰ খাৰঘুলি জয়পুৰস্থিত 'নাৰী উন্নয়ন কেন্দ্ৰৰ সঞ্চালিকা' চিষ্টাৰ বেডচী দেভাচিয়ালৈ ১১সংখ্যক আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ বঁটা।আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে দিল্লীত প্ৰদান কৰে এই বঁটা।১০ডিচেম্বৰত প্ৰদান কৰে এই বঁটা।নাৰীৰ সৰ্বাঙ্গীন উন্নতিৰ লক্ষ্যৰে বেপিষ্ট চচাইটিৰ চিষ্টাৰ এফ ডি কৰ্চ'সকলৰ তত্বাৱধানত ১৯৯৬ চনত স্থাপন হৈছিল নাৰী উন্নয়ন কেন্দ্ৰটো।
নাৰীৰ উন্নতিৰ হকে ২৫বছৰে প্ৰচেষ্টা চলাই অহা প্ৰতিষ্ঠাপক সঞ্চালিকা গৰাকীয়ে আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে নাৰী কেন্দ্ৰটোৰ কর্মীসকল।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সঞ্চালিকা চিষ্টাৰ বেডচিক সহকৰ্মীসকলে সম্বৰ্ধনা জনোৱাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত পৰিচয় কৰাই দিয়ে। সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে সমাজকর্মী বৰ্ণালী বৈশ্য, ফাদাৰ বিচভ থমাছ মিনাম্বৰাম, ভাগ্যৱতী ভূঞা, চিষ্টাৰ এনি ভাগি'ছ প্ৰমুখ্যে কেন্দ্ৰটোৰ বহুসংখ্যক কৰ্মী।
- Log in to post comments
- 6 views