গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ মুখ থেকেছা: আছু, ছাত্ৰ মুক্তি, এনএছইউআইৰ জয়যাত্ৰা

A

নিউজ ডেস্ক:

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা।স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ১৫টাকৈ পদৰ বাবে বুধবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। 

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত এনএছইউআইৰ সমৰ্থিত ৬জন প্ৰাৰ্থী জয়ী হোৱা বিপৰীতে আছুৰ ৫জন আৰু ছাত্ৰ মুক্তিৰ ১জন প্ৰাৰ্থী জয়ী হৈছে।তাৰ বিপৰীতে এবিভিপিয়ে মাত্ৰ ২টা পদত জয়ী হৈছে।

গুৰুত্বপূৰ্ণ কথা এই যে ,ছাত্ৰ মুক্তিয়ে এই নিৰ্বাচনত মাত্ৰ এটা পদতেই নিজ প্ৰাৰ্থী থিয় কৰাইছিল।

ঘোষিত ফলাফলত সভাপতি পদত জয়ী আছুৰ সমৰ্থিত প্ৰাৰ্থী হেমেন কলিতা, উপ-সভাপতি পদত ছাত্ৰ মুক্তি সমৰ্থিত নৱদ্বীপ বৰগোঁহাই, সাধাৰণ সম্পাদক এনএছইউআই সমৰ্থিত বিকি শৰ্মা, সাংস্কৃতিক সম্পাদিকা দিশা শৰ্মাৰ জয়লাভ।

Your Comments