IIT Guwahatiয়ে উদ্ভাৱন কৰি উলিয়াইছে ক'ভিড প্ৰতিৰোধী আৱৰণ , পঢ়ি চাওক

A



নিউজ ডেস্ক:
সময়ৰ লগে লগে ক'ভিডে ন ন ৰূপ ধাৰণ কৰি আহিছে । N95 মাস্ক পৰিধান কৰিলেহে ক'ভিডৰ সংক্ৰমণৰ পৰা বাচিব পৰা যায় বুলি চিকিৎসা বিজ্ঞানীসকলে দাবী কৰি অহাৰ সময়তে গুৱাহাটী আই আই টিয়ে গৱেষণাৰ অন্তত উদ্ভাৱন কৰি উলিয়াইছে এক বিশেষ আৱৰণ (Covid Resistant Mask) । গুৰুত্বপূৰ্ণ কথা এই যে IIT গুৱাহাটীয়ে উদ্ভাবন কৰা এই আৱৰণ সাধাৰণ কাপোৰৰ মাস্কৰ সৈতে সংলগ্ন কৰিলে ক'ভিড প্ৰতিৰোধী হৈ পৰে । IIT গুৱাহাটীৰ ৰাসায়ন বিভাগৰ অধ্যাপক অৰুণ চট্টোপাধ্যায় আৰু কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ড৹ পাৰ্থ এছ জি পট্টাদাৰৰ নেতৃত্বত চলা এক গৱেষণাৰ অন্তত ক'ভিড প্ৰতিৰোধী এই নতুন আৱৰণবিধ উদ্ভাৱন কৰা হৈছে ।

Your Comments