নিউজ ডেস্ক:
স্বাস্থ্য বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে গুৱাহাটীত প্ৰশিক্ষণপ্ৰাপ্ত এ এন এমৰ প্ৰতিবাদ।ৰটাৰীৰ পইণ্টত আজি সাব্যস্ত কৰে প্ৰতিবাদ। এ এন এম সকলক নিযুক্তি দিয়ক, চলিত বৰ্ষ ১০জানুৱাৰীত অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰক, ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত এ এন এম সকলক শ্ৰমিক আইন অনুসৰি দৰমহা প্ৰদানৰ লগতে অন্যান্য সুবিধা প্ৰদান, নিযুক্তিৰ সময়ত বয়সৰ উৰ্দ্ধসীমা ৰেহাই, ৰাজ্যৰ এএনএমসকলৰ নিযুক্তি নোহোৱালৈকে নতুন পাঠ্যক্ৰম বন্ধ ৰখা আদি বিভিন্ন দাবীত ৰূপায়ণ কৰে প্ৰতিবাদ।
সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম সন্থাই তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড হাতে হাতে লৈ সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদত অংশগ্ৰহণ কৰি এ এন এমসকলৰ দাবী- বছৰ বছৰ ধৰি বিভিন্ন সমস্যাত ভুগি আহিছো। চৰকাৰৰ অন্তৰ্গত বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰবোৰত লাখ-লাখ টকা খৰচ কৰি প্ৰশিক্ষণ লৈ বছৰৰ পিছত বছৰ নিবনুৱা হৈ থকাটো অতি দুৰ্ভাগ্যজনক।অসমৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি জনসাধাৰণৰ স্বাস্থ্যৰ লগত হেতালি খেলি আহিছে।
চৰকাৰে বিভিন্ন সময়ত উলিওৱা নিযুক্তি বিজ্ঞাপনসমূহত আমাক অৱজ্ঞা কৰি জি এন এম সকলক কৰ্ম সংস্থাপন দি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদী সকলে।
ইফালে প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।শীঘ্ৰে দাবী সমূহ সমাধান নকৰিলে আগন্তক দিনত অনাগত দিনত এনএইছএমৰ কাৰ্যালয়ত অনশন কৰাৰ হুংকাৰ সন্থাৰ।
- Log in to post comments
- 8 views