নিউজ ডেস্ক:
গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰে জড়িত অভিযোগত ৩ঘন্টা জোৰা জেৰা আতিকা চুলতানাক।আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত হাজিৰ হৈছিল প্ৰশাসনিক বিষয়া গৰাকী।উল্লেখ্য যে মানকাচৰত ২০১৮-২০চনলৈ উপায়ুক্ত থকা সময়তে বিষয়া গৰাকীয়ে গাওঁবুঢ়া নিযুক্তিত কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল।চাইবুৰ ৰহমান আৰু আতিকাই ৭-১০লাখ টকা গাওঁবুঢ়া নিযুক্তিত সমগ্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।সমগ্ৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাকৰী শাখাত সাক্ষ্য প্ৰদান কৰে বিষয়া গৰাকীয়ে।
তদাকৰী শাখাৰ এছপি ৰজি কলিতা আৰু তেওঁৰ দলে জেৰা চলাই প্ৰশাসনিক বিষয়া গৰাকীক।স্বাস্থ্যজনিত কাৰণত যাবলৈ দিয়া হয়।মংগলবাৰে পুনৰ তদাকৰী শাখাত হাজিৰ হোৱাৰ নিৰ্দেশ।
তদন্তকাৰী বিষয়াক তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস আতিকাৰ।সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়-মোৰ দিনত অবৈধ নিযুক্তি হোৱা নাই'।
উল্লেখ্য যে জিলাখনৰ উপায়ুক্ত হৈ থকা সময়ত নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষ আছিল আতিকা।গতিকে তেওঁৰ পৰা বহু তথ্য ল'বলগীয়া আছে বুলি সংবাদ মাধ্যমক জনালে SP ৰ'জী কলিতাই।
ইফালে বিষয়া গৰাকীক চলোৱা জেৰা সমান্তৰালকৈ মানকাচৰ আৰু দক্ষিণ শালমাৰাতো চলি আছে গাঁওবুঢ়া নিযুক্তিৰ তদন্ত।
বিগত ৩দিনে জিলাখনত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী বিশেষ তদাকৰী শাখাৰ এটা দল।সাক্ষ্য গ্ৰহণ কৰিছে গাঁওবুঢ়াসকলৰ পৰা ।এই কথা এছপি কলিতাই কয়।
- Log in to post comments
- 18 views