বৰাকত বাংলা ভাষাৰ জাননীৰ দাবী অন্যায় নহয়, লগত কিন্তু অসমীয়া ভাষা থাকিলে ভাল- ডঃ হীৰেণ গোহাঁই

A

নিউজ ডেস্ক:


'কেন্দ্ৰৰ পৰা উত্তৰ-পূৱৰ ৰাজ্যলৈ এটা নিৰ্দেশ আহিছে ৰাজ্যসমূহে সমন্বয় ভাবৰে চলিব লাগে।বিভিন্ন ধৰ্ম-জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আৰু সহানুভূতি ভাৱ লাগে' -এই ৰাজনৈতিক উক্তিৰ তাৎপৰ্য কি ইমান দিনে বুজি উঠিছোঁ মন্তৱ্য ডঃ হীৰেণ গোহাঁইৰ।সংসদত আলোচনা নোহোৱাকৈ কোনো এখন বিল জবৰদস্তিৰে আইনত পৰিণত কৰা হয়।বিৰোধীক কথা কবলৈ সুযোগ দিয়া নহয়।কা আইনৰ পৰা আদি কৰি বহুকেইখন বিল গাৰ জোৰে সদনত গৃহীত কৰিছে।সংসদত
ভৰি থৈ সংবিধান মূৰত লৈ পবিত্ৰ ধর্মশাস্ত্ৰ বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে কা' আইন, ইউএপিএ সংশোধন কৰি সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰা সম্পূৰ্নকৈ নস্যাৎ কৰি বিলুপ্ত কৰিবলৈ বিচাৰিছে।গতিকে সমন্বয় আৰু সহানুভূতিৰ তাৎপৰ্য সাৱধানে লক্ষ্য কৰা উচিত, তেওঁ লগতে কয় ।

বৰ্তমান অসম অশান্ত কৰিছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই।হিন্দু-মুছলিম প্ৰসংগই প্ৰধান স্থান পাইছে।সংঘাতে সংঘৰ্ষৰ ৰূপ লয়, ক্ষতি হয় সাধাৰণ মানুহৰ। কাৰো উপকাৰ নহয়।সম্প্ৰদায় বা জাতিটোৰ কাৰো উন্নতি নহয় বুলি উল্লেখ কৰি গোহাঁয়ে কয়-
জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে সেইবোৰ আচলতে কিমান গুৰুত্ব দিব লগা কথা চিন্তা কৰি চোৱা উচিত।

বৰ্তমান দুটা সমস্যাক লৈ উদ্বিগ্ন হৈ পৰিছো।অসম লোকসেৱা আয়োগ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল কৰিছে।ইমান দিনে চলি থকা এখন প্ৰশ্ন কাকত হঠাৎ নোহোৱা কৰিছে।কবলৈ বিচাৰিছে প্ৰয়োজন নাই।যদি প্ৰয়োজনে নাই তেন্তে ভাৰতৰ বহুকেইখন ৰাজ্যত কিয় সেই ৰাজ্যৰ ভাষা ভিত্তিক প্ৰশ্ন কাকত আছে!চৰকাৰক প্ৰশ্ন কৰি বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে কয়- ইয়াৰ পৰা হয়তো স্থানীয় জাতি বা জনগোষ্ঠীটোৰ উপকাৰ হয় আৰু এইটো সকলো ৰাজ্যৰ ক্ষেত্ৰত
 যদি হয় অসমৰ ক্ষেত্ৰত আপত্তি কিহৰ ।ৰাজ্য ভাষা হিচাপে চৰকাৰী কাম কাজ চলাবলৈ বা সকলোৰে সেই অসমীয়াৰ যথাযথ জ্ঞান থকা দৰকাৰ ।এগৰাকী প্ৰশাসনিক বিষয়ালৈ দীঘলীয়া অসমীয়াৰ প্ৰতিবেদন আহিব।তেওঁ সেইখন যদি পঢ়িব নাজানে কেৱল মুখেৰে কথাহে কব পাৰে তেতিয়া তেওঁ চৰকাৰী কাম- কাজ কি চলাব।সাধাৰণ মানুহে স্মাৰক পত্ৰ অসমীয়াতে লিখিব।এই বিষয়ত দায়ী জনসাধাৰণৰ নহয় চৰকাৰ- গোহাঁয়ে লগতে কয়।


বৰাকত কিছুমান দুৰ্বৃত্তই অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপনত ক'লা চিয়াহী লগাইছে।ই বৰাকৰ সমগ্ৰ ৰাইজৰ আন্দোলন নহয়।জনতাক উত্তেজিত কৰা চক্ৰান্ত।আমাতকৈ পৰিপক্ক ঘাগু ৰাজনীতিবিদৰ এটা কৌশল।এটা কথা মনত ৰখা ভাল বড়োলেণ্ডত যিদৰে বড়ো সহযোগী ভাষা ঠিক, বৰাক বাংলা সহযোগী ভাষা তাৰ গুৰুত্ব থাকিবই।সাধাৰণ মানুহৰ বাংলা ভাষাত নাথাকিলে অসুবিধা হবও পাৰে, কিছুমানৰ আবেগত লাগিব পাৰে- গোহাঁয়ে কয়।গণতান্ত্ৰিক ৰাজ্যত এইটো হবলৈ দিয়া অনুচিত।বৰাকত বাংলা সহযোগী ভাষাৰ দাবীত আন্দোলন কৰি বহুলোক শ্বহীদ হৈছে।গণতান্ত্ৰিক সহনশীলতাৰে গ্ৰহণ কৰা উচিত।বৰাকৰ লোকে বাংলা ভাষা জাননী দাবী কৰাটো অন্যায় হোৱা নাই।তাত অসমীয়া ভাষা থাকিলে ৰাজ্যখনৰ পক্ষে শুভনীয় হয়- লগতে তেওঁ কয়।

প্ৰদীপ দত্ত ৰয় বৰাকত গুৰুত্বপূৰ্ণ মানুহ নহয়।তেওঁ চৰকাৰৰ মানুহ।বিভিন্ন সমস্যা পৰা আঁতৰাই ৰখা বাবে একোটা কৌশল।অসমীয়া ভাষা বিৰুদ্ধে কোনোবাই থিয় দিলে তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া দিয়াটো বেয়া নহয়।ৰাজনৈতিক ব্যক্তি ষড়যন্ত্ৰত পথভ্ৰষ্ট হোৱাটো উচিত নহয়-নিজৰাপাৰা বাসগৃহত সংবাদমেল সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে লগতে কয়।

অসমত থাকি ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে অসমীয়া ভাষা নাজানিব সেইয়া কেনে কথা।জাতিৰ প্ৰতি এইটোৱে ঘোৰ অন্যায়।আছু সাহিত্য সভায়ো প্ৰতিবাদ নকৰে।ইংৰাজী মাধ্যমত অসমীয়া ভাষা প্ৰচলনত গুৰুত্ব দিয়াত প্ৰয়োজন আছিল চৰকাৰৰ কিন্তু ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া ভাষা উঠাই দিছে- গোহাঁয়ে কয়।

ৰাজ্য আৰু কেন্দ্ৰীয় এই দুই চৰকাৰৰ স্বচ্ছতা নাই।কা' আন্দোলনৰ প্ৰাসংগিকতা আছিল আৰু আছে।আমাৰসকলে  গান- নাচেৰে ধ্বংস কৰি বিজেপিৰ গৰালত সোমালেগৈ-উদ্বিগ্ন হৈ গোহাঁয়ে কয়।

Your Comments