গুৱাহাটী প্ৰেছ ক্লাৱত মাছ'ৰ সন্ত্ৰাস বিৰোধী দিৱস উদযাপন

A

নিউজ ডেস্ক:
 প্ৰেছ ক্লাৱত আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সন্ত্ৰাস বিৰোধী দিৱস উদযাপন কৰে। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ আদিত্য লহকৰ আৰু কাৰ্যকৰী অধ্যক্ষ কেশৱ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত ULAPA,AFSPA ৰ দৰে ক'লা আইন বাতিলৰ দাবী আৰু মত প্ৰকাশৰ অধিকাৰৰ ওপৰত আক্ৰমণ তথা সন্দেহজনক ভূৱা সংঘৰ্ষৰ প্ৰতিবাদত অনুষ্ঠিত হোৱা নাগৰিক সভাখন উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অপূৰ্ব বৰুৱাই।মাছ'ৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা  সভাখনত  ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ব্যক্তি সন্ত্ৰাসৰ ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামান,শান্তনু বৰঠাকুৰ,বিশিষ্ট লেখক,সাংবাদিক মনোজ কুমাৰ নাথ,মাছ'ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীকে আদি কেইবাজনো বক্তাই।

Your Comments

Related Articles