ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজলিল কলিয়াবৰৰ পাঁচ খেলুৱৈ

A

নিউজ ডেস্ক:

ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত কলিয়াবৰলৈ সোণৰ পদক কঢ়িয়াই আনিলে পঞ্চী হাজৰিকাই।

এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ পদকৰে কলিয়াবৰলৈ সাফল্য কঢ়িয়াই আনিলে ৫ গৰাকীকৈ কণ-কণ খেলুৱৈয়ে। 

 যোৰহাটত অনুষ্ঠিত গুডউইল অপেন ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ – ২০২১ ত উজলিল কলিয়াবৰৰ পাচঁগৰাকী টাইকোৱাণ্ডো খেলুৱৈ। 

অসম টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিভিন্ন শাখাত এটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদকসহ মুঠ পাঁচটা পদক বুটলিবলৈ সক্ষম হয় কলিয়াবৰৰ ৫ গৰাকী খেলুৱৈয়ে। 

উল্লেখ্য যে ,কলিয়াবৰৰ পৰা ছয় গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

পাঁচ পদকপ্ৰাপক কলিয়াবৰৰ শিলঘাটত জনোৱা হয় উষ্ম আদৰণি।

পদক লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে-পঞ্চী হাজৰিকা – সোণ, জিজ্ঞাস হাজৰিকা – ৰূপ, দিজ্ঞাস বৰা – ৰূপ, কঙ্কন বৰা – ব্ৰঞ্জ, চাণক‍্য চয়ন ডেকা – ব্ৰঞ্জ।

উল্লেখ‍্য যে, পদক প্ৰাপক খেলুৱৈসকলে সমাগত আন্তঃ চাই এম্বেচাডৰ কাপত অংশগ্ৰহনৰ সুবিধা লাভ কৰিছে।

 

Your Comments