গুৱাহাটী ক্লাৱত কৃষক শ্ৰমিক যৌথ মঞ্চৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ কৰা আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে মহানগৰীতো ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ আৰু সংযুক্ত কিষান মৰ্চা'ৰ প্ৰতিবাদ। গুৱাহাটী ৰটাৰী পইণ্টত আজি সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে ২০২০ বর্ষৰ আজিৰ দিনটোৰ পৰাই বিজেপি চৰকাৰৰ শ্ৰমিক তথা জাতীয় স্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে  সাধাৰণ ধৰ্মঘট পালন কৰিছিল।তাৰ লগত সংগতি ৰাখি সাব্যস্ত কৰে এই প্ৰতিবাদ।

আনহাতে, প্ৰতিবাদস্থলীৰ পৰা পুনৰ কেন্দ্ৰীয় চৰকাৰক শীতকালীন অধিৱেশনত কৃষক বিৰোধী তিনি কৃষি আইন বাতিল কৰা দাবী জনায়।চৰকাৰে যেতিয়ালৈকে আনুষ্ঠানিক ভাৱে বাতিল নকৰিব তেতিয়ালৈ কৃষক-শ্ৰমিকসকল শান্ত নহয়।প্ৰতিবাদৰ পৰা স্পষ্ট কৰি দিয়ে চৰকাৰক।

গুৱাহাটী ক্লাবত সাব্যস্ত কৰা আজিৰ প্ৰতিবাদ প্ৰায় শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে।প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী সমদল উলিয়াব বিচাৰিছিল যদিও উপস্থিত থকা আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে।

Your Comments

Related Articles