নৱপ্ৰজন্মই ইতিহাস নাজানিলে একালত কাল্পনিক চৰিত্ৰ হ'ব বীৰ লাচিত বৰফুকন- বিশ্বজিৎ দৈমাৰী

A

নিউজ ডেস্ক:

গুৱাহাটীৰ ফাঁচী বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগ আৰু কামৰূপ (ম) জিলা প্ৰশাসনৰ সহযোগত উদযাপন কৰা হয় লাচিত দিৱস।অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, গুৱাহাটীৰ  সাংসদ কুইজ ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব প্ৰণব কুমাৰ ঠাকুৰ, চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ ডঃ দয়ানন্দ বৰগোঁহাই, কামৰূপ(ম) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে সাংস্কৃতিক সঞ্চালকালয় বিষয়া-বৰ্গ উপস্থিত থাকে।অনুষ্ঠানৰ মুখ্য অতিথি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়-অসমখন হৈছে বীৰ ভূমি।অসমক বাদ দি মহাভাৰত সম্পূৰ্ন নহয়।ভাষণ প্ৰসংগত তেওঁ ভগদত্ত, নৰকাসুৰ আদি বিষয়েও কয়।নৱপ্ৰজন্মক লাচিতৰ দৰে বীৰ তথা ইতিহাসৰ জ্ঞান প্ৰদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি অধ্যক্ষ গৰাকীয়ে কয়।

উল্লেখ্য যে ,অনুষ্ঠানতে সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিবেদিত অনুপজ্যোতি চৌধুৰীৰ দ্বাৰা ৰচিত 'বীৰ লাচিত বৰফুকন' নামেৰে এখনি আলেক্ষ প্ৰচাৰ কৰা হয়।

ইফালে এই কাৰ্যসূচী সামৰি অসম বিধানসভা অধ্যক্ষই কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত থকা লাচিতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা জনায়।

Your Comments

Related Articles