গুৱাহাটী মহানগৰী ৰ হাতীগাঁৱৰ লখিমী নগৰত মিলন ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ হাতীগাঁও  লখিমী নগৰৰ চিন্ময় পথত মৃতদেহ উদ্ধাৰ।চিন্ময় পথৰ ২৪নং গৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মিলন ছেত্ৰীৰ মৃতদেহ।উল্লেখ্য যে দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ মিলনক।

স্থানীয় বাসিন্দাই প্ৰকাশ কৰা মতে আতিকুৰ ৰহমান নামৰ ব্যক্তিজনৰ কেয়াৰটেকাৰ হিচাপে থকা মিলন পেছাত এজন ৰঙ মিষ্ট্ৰী।বিগত ৫ বছৰ আতিকুৰৰ ঘৰতে আছিল মিলন।যোৱা ১৮নৱেম্বৰৰ পৰাৰ সন্ধানহীন হৈ আছিল মিলন৷ 

বাসগৃহৰ ভিতৰত মৃত অৱস্থাত স্থানীয় লোকে দুৰ্গন্ধ পাই  আৰক্ষীক খবৰ দিয়ে।আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘৰটোৰ তলা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো। 

গুৰুত্বপূৰ্ণ কথা এই যে মৃতদেহৰ কাষত এখন ডেগাৰ
আৰক্ষীয়ে উদ্ধাৰ কৰে।সোমবাৰে সন্ধিয়া উদ্ধাৰ হয় মৃতদেহ।

Your Comments

Related Articles