গুৱাহাটীত সমাজ কল্যান সঞ্চালকালয় কাৰ্যালয় ঘেৰাও কৰি অঙ্গনবাড়ী কর্মী সহায়িকাৰ বিক্ষোভ

A

নিউজ ডেস্ক:

প্ৰাপ্য দাবীত অঙ্গনবাড়ীৰ কর্মী সহায়িকা সন্থাৰ প্ৰতিবাদ।উজানবজাৰস্থিত সমাজ কল্যান বিভাগৰ সঞ্চালকালয় কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে বিক্ষোভ সমাবেশ।প্ৰায় দুই শতাধিক অঙ্গনবাড়ী কর্মী আৰু সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ।

'চৰকাৰে শিশু আৰু মাতৃৰ কল্যাণৰ প্ৰায়বোৰ কামত নিয়োজিত কৰে কিন্তু চৰকাৰী চাকৰিয়ালৰ মৰ্যদা নিদিয়ে আমাক'- প্ৰতিবাদত অংশ লৈ এইদৰে কয় অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলে।তেওঁলোকৰ দাবী মাননিৰ সলনি প্ৰদান কৰিব লাগে মজুৰী । বিভাগীয় নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি প্ৰদানৰ লগতে ২১হাজাৰ টকা মাহিলী নূন্যতম মজুৰী প্ৰদান কৰিব লাগে।

ইয়াৰ উপৰিও মিনি কেন্দ্ৰসমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লগতে মিনি কেন্দ্ৰৰ কর্মীসকলক সাধাৰণ কৰ্মীৰ সমমৰ্য্যদা প্ৰদান কৰাৰ দাবী জনায়।একেদৰে খালি থকা কর্মীৰ পদত কৰ্মৰত সহায়িকাক কর্মী পদলৈ পদোন্নতি আৰু বয়সৰ সীমা প্ৰত্যাহাৰ কৰিব লাগে।

কর্মী-সহায়িকাসকলক অৱসৰ সময়ত পেঞ্চন প্ৰদান কৰা।এই পেঞ্চন কাৰ্যকৰী নোহোৱালৈকে কৰ্মীক ৫লাখ টকা আৰু সহায়িকা সকলক ৩ লাখ টকাৰ এক কালীন সাহায্য প্ৰদানৰো দাবী জনায়।

বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সমাজ কল্যান বিভাগৰ সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰে। 

মঙলবাৰৰ প্ৰতিবাদত উপস্থিত থাকে সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰ, সভানেত্ৰী জয়মতী দাস।

Your Comments

Related Articles