মালিগাঁৱৰ তৰুণ ডেকা হত্যাকাণ্ডত অভিযুক্ত বিকি সাহানিক কোচ বিহাৰৰ পৰা জালুকবাৰী আৰক্ষীৰ গ্ৰেপ্তাৰ

A

 

মালিগাঁও চাৰিআলি তৰুণ ডেকা হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত।হত্যাকাণ্ড সংঘটিত হোৱাৰ ১৭টা দিনৰ অন্তত জালুকবাৰী আৰক্ষীৰ জালত অভিযুক্ত বিকি সাহানী। 

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত আত্মগোপন কৰি থকাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰে  অভিযুক্ত বিকিক।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে- চিচিটিভিৰ ফুটেজৰ ভিত্তিত অভিযান চলাই কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা বিকি মালিগাঁও চাৰিআলিৰ এখন  ইলেক্ট্ৰিক ৰিপেয়াৰিং দোকানক ৮ মাহ কৰ্মচাৰী হিচাপে কাম কৰি আছিল। 

গুৰুত্বপূৰ্ণ কথা এই যে দীপাৱালীৰ নিশা ৫ নৱেম্বৰত নৈশ চকীদাৰ তৰুণ ডেকাৰ সৈতে বিকিৰ তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হয় তাৰ পিছতে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নৈশ চকীদাৰ  ডেকাক হত্যা কৰিছিল।হত্যাকাণ্ড সংঘটিত কৰিয়েই কোচবিহাৰলৈ পলায়ন কৰিছিল বিকি।

বিগত প্ৰায় ৩৬বছৰ ধৰি মালিগাঁও চাৰিআলিৰ ভৰালী কমপ্লেক্সত নৈশ চকীদাৰ হিচাপে কৰ্মৰত থকা ডেকাৰ ঘৰ আছিল মঙ্গলদৈত।

মৃতদেহ উদ্ধাৰৰ পাছতে জালুকবাৰী আৰক্ষীয়ে ১২৯৯/২২নম্বৰত গোচৰ ৰুজু কৰি ৩০২ ধাৰাত তদন্ত অব্যাহত ৰাখিছিল।

ইফালে মঙলবাৰে কামৰূপ(ম) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গ্ৰেপ্তাৰ হোৱা বিকিক হাজিৰ কৰাব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

Your Comments

Related Articles