হোৱাইট ৱাছ নিউজিলেণ্ড: ৰোহিতৰ নেতৃত্বত প্ৰথমটো টি-২০ শৃংখলা দখল ভাৰতৰ

A

নিউজ ডেস্ক:


অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো টি-২০ শৃংখলা দখল ভাৰতৰ।৩-০ ব্যৱধানত হোৱাইট ৱাছ নিউজিলেণ্ডক।

শৃংখলাৰ অন্তিমখন খেলত দেওবাৰে ভাৰতীয় দলটোৱে টচত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লয়।ৰোহিত শৰ্মাৰ বিস্ফোৰক ৫৬ৰাণৰ সহায়ত ১৮৪ ৰাণ কৰে।প্ৰত্যুত্তৰত ১৮৫ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলৰ নিয়ন্ত্ৰিত বলিঙত ১৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১১ৰাণ কৰিবলৈ সক্ষম হয়।মাৰ্টিন গোপটিলে ৫১ৰাণ কৰা বাহিৰে বাকীসকল খেলুৱৈ ব্যৰ্থ হয়।

ভাৰতৰ হৈ বলিঙত ৩অভাৰত ৯ৰাণৰ বিনিময়ত ৩টা উইকেট দখল কৰে অক্সৰ পেটেলে।

Your Comments