নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডত অভিযুক্ত পত্নী মৌচুমী চক্ৰৱৰ্তীক পুনৰ ৩দিনৰ আৰক্ষী জিম্মালৈ

A

নিউজ ডেস্ক:

পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পত্নী মৌচুমী চক্ৰৱৰ্তীক পুনৰ তিনি দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ।কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডধীশৰ আদালতে অভিযুক্ত পত্নীক শনিবাৰে পুনৰ লতাশিল আৰক্ষী জিম্মাত দিয়ে।উল্লেখ্য যে আৰক্ষীয়ে পাঁচদিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে তিনি দিনৰ জিন্মালৈ প্ৰেৰণ কৰে পত্নী মৌচুমীক। 

পল্টনবজাৰ কালিবাৰী ৰেলৱে কলনীৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডত পত্নীৰ উপৰিও তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।আনহাতে পত্নী মৌচুমীয়ে হত্যাকাণ্ডত অন্য কোনো জড়িত নাই বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথা এই যে পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ মোবাইলটো বৰ্তমানলৈ আৰক্ষীয়ে বিচাৰি পোৱা নাই। মোবাইলৰ শেষ অৱস্থিতি আমবাৰী লেম্বৰোডত লাভ কৰা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

Your Comments

Related Articles